শণিবাৰৰ পৰা হৰি নামৰ ধৰ্ব্বনিৰে মুখৰীত হৈ থকা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে নামাংকৃত শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ অন্যতম এখন সবল শাখা মৰিগাঁও জিলাৰ শিলপুখুৰী আঞ্চলিক শাখাটি ৷ দুকুৰি পাঁচ বছৰ অতিক্ৰম কৰা জিলা শাখাখনে বাৰ্ষিক অধিৱেশন ভাগ প্ৰতি বছৰে ভিন ভিন আঞ্চলিক শাখাৰ আমন্ত্ৰণ ক্ৰমে ভিন ভিন স্থানত অনুষ্ঠিত কৰি গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা।
এইবেলি শিলপুখুৰী আঞ্চলিক শাখাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে গোপালঘাটত শঙ্কৰ-মাধৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন। দ্বিতীয়দিনা সঙঘৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই ৷ ইয়াৰ পাছতেই প্ৰায় পাঁচ কিলোমিটাৰ যোৰা এক দীঘলীয়া পথেৰে ভাগৱত আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাৰ সঞ্চালনাত হোৱা বঁটা প্ৰদান আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। প্ৰাক্তন সভাপতি ডাঃ পুণিৰাম পাতৰে উদ্বোধন কৰা মুকলি সভাখনতে ড৹ জীৱকান্ত নাথে বিশিষ্ট অতিথিৰ ভাষণ ৰাখে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড়ৰ জিলা শাখাৰ সুবক্তা হেমন্ত কুমাৰ দাস আৰু যুৱ বক্তা জিমি ডেকাই সংস্কৃত ভাষাত গুৰু গম্ভীৰ ভাবে বক্তব্য ৰাখি উপস্থিত সকলোকে আপ্লুত কৰে।
উলেখ্য যে এই সভাতেই ২০২১-২২ বৰ্ষৰ বাবে বিভিন্ন ক্ষেত্ৰত একান্ত সাধনাৰে নিজৰ জীৱনৰ লগতে সমাজৰ বাবে অৰিহণা আগবঢ়াই অহা নিৰ্বাচিত ছগৰাকীক পুণ প্ৰথম বাৰৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়। বঁটা সমূহ ক্ৰমে-১) সাহিত্য সাধনা বঁটা- ডা: পুণিৰাম পাতৰলৈ, ২) সংস্কৃতি সাধক বঁটা- সোমেশ্বৰ হীৰালৈ,৩) আইমাতৃ প্ৰেৰণা বঁটা – লাৱণ্য দেবীলৈ,৪) প্ৰচাৰ সাংগঠনিক বঁটা- গনেশ ৰাজকুমাৰলৈ, ৫) সেনাবাহিনীৰ যুৱ উদ্যমিতা বঁটা- জোনাকী খাটনিয়াৰলৈ আৰু ৬) গুৰু দক্ষিণা বঁটা- অকন চন্দ্ৰ ডেকালৈ আগ বঢ়োৱা হয়। জানিব পৰা মতে এই বঁটা সমূহ জিলা শাখাই আগন্তুক সময়টো আগ বাঢ়াই যাব বুলি জানিব পৰা গৈছে ৷