Breaking

ওৰাঙত এচ এচ চিৰ এমহীয়া প্ৰশিক্ষণ শিবিৰ

0 1,527

ওদালগুৰি জিলাৰ ওৰাঙৰ ২ নং শইকীয়া চুবুৰী ভিচিডিচিৰ সমূহীয়া ভৱনত  ৯ আগষ্টত  এচ এচ চি (Staff Selection Commssion)  এমহীয়া বিনামূলীয়া ক্ৰছিংৰ সামৰণি  অনুষ্ঠান অনুষ্ঠিত হয় । শিক্ষক তথা  এগৰাকী প্ৰশিক্ষক অনিল মোচাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাত এমহীয়া প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অতিথি হিচাপে অংশ গ্ৰহণ কৰে এবছুৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সম্পাদক ৰতেন্দ্ৰ দৈমাৰীয়ে । তেখেতে ভাষণ প্ৰসংগত মুখ্য প্ৰশিক্ষক বি এছ এফ ৰ যোৱান উপেন্দ্ৰ বসুমতাৰীয়ে নিজৰ আমোদ প্ৰমোদৰ সলনি নিজৰ চুটিৰ সময় খিনি অতিকৈ পিছপৰা অঞ্চলৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীক এই ধৰণৰ উচৰ্গা কৰাত শলাগ লোৱাৰ লগতে এখনি আৰনাইৰে উপেন্দ্ৰ বাসুমতাৰীক সম্বৰ্ধনা জনায় ।উক্ত সভাত ইউপিপিএল দলৰ চি ডব্লিউ চি মেম্বাৰ ৰতন মোচাহাৰী ,ভিচিডিচি খনৰ চেয়াৰমেন অজৰ বসুমতাৰী ,ভাইচ চেয়াৰমেন দেবেন মাহাতো, নেহেৰু স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত মাহাতো প্ৰমুখ্যে অইন অইন ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে ২ নং শইকীয়া চুবুৰী গাঁওৰ বাসিন্দা তথা বি এছ এফ  ত কৰ্মৰত জোৱান উপেন্দ্ৰ বসুমতাৰীয়ে ২০১৭ চনৰ পৰাই বছৰেকীয়া ছুটিত আহিলেই অঞ্চল টোৰ যুৱক যুৱতী সকলক এচ এচ চি জি ডি ৰ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়াই আহিছে । অইন বাৰৰ দৰে এইবছৰো বছৰেকীয়া ছুটিত আহিয়েই এই উদ্যমী জোৱান জনে সতীৰ্থ অনিল মোচাহাৰীৰ লগ লাগি এমাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰিছে । এইবাৰৰ এই জোৱান জনে আগবঢ়োৱা প্ৰশিক্ষণত ওৰাং ,মাজবাট, ঢেকীয়াজুলি , ৰৌতা , গেৰুৱা ,বৰছলা,বড়ো বজাৰ আদি ঠাইত ১০৫ গৰাকী যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ লয় ।

দিল্লীত নিজা প্ৰচেষ্টাৰ ফলত অশেষ কষ্টেৰে ক্ৰছিং কৰি চাকৰিত যোগদান কৰা জোৱান গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভগৱানে আমাৰ নচিব নিলিখে  আমাৰ নচিব আমি নিজেই লিখিব লাগিব । বিহাৰৰ দৰে আমাৰ লৰা ছোৱালী বোৰে কষ্ট নকৰে । ইংৰাজী গ্ৰামাৰ আৰু মেট্ৰিক পৰ্য্যায়ৰ অংকৰ জ্ঞান থাকিলে এনেবোৰ প্ৰতিযোগিতা মুকল পৰীক্ষাত অতি সহজে উত্তীৰ্ণ হব পাৰি । এই পৰীক্ষাত উত্তীৰ্ণ হলে ডিফেঞ্চৰ যিকোনো চাকৰিত সুমাই শিক্ষাগত অৰ্হতা অনুযায়ী পদোন্নতিলৈ গৈ থাকিব পাৰি । তেখেতে লগতে দুখ প্ৰকাশ কৰি ব্যক্ত কৰে যে অইন অইন ৰাজ্যৰ কোটা সম্পূৰ্ণ হয় কিন্তু অসমৰ কোটা থাকি যায় । আমাৰ প্ৰাৰ্থীয়ে নোলায় । এই এমহীয়া প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত অজিত মাহাতো প্ৰথম , হৃদয় শইকীয়া দ্বিতীয় আৰু ব্ৰিগেশ্রী দৈমাৰীয়ে তৃতীয় স্থান দখল কৰে । প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষক উপেন্দ্ৰ বসুমতাৰী আৰু অনিল মোচাহাৰীক শলাগ জনায় ।আৰু এই প্ৰশিক্ষণৰ আগন্তুক প্ৰতিযোগিতা মুলক পৰীক্ষাত তেওঁলোকৰ সহায়ক হব বুলি মত প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.