Breaking

বগা নিমখৰ সলনি ক’লা নিমখ খোৱাৰ আৰম্ভ কৰক! কলেষ্টেৰল, উচ্চ ৰক্তচাপ সমস্যাৰ পৰা সকাহ পাব…

0 95

অত্যধিক বগা নিমখ খালে কলেষ্টেৰল হ্ৰাস কৰাত সমস্যাৰ সৃষ্টি হয়, লগতে বগা নিমখে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰে। সাধাৰণতে আমি ব্যৱহাৰ কৰা বগা নিমখে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ যেতিয়া আমাৰ উচ্চ কলেষ্টেৰলৰ সমস্যা থাকে তেতিয়া বগা নিমখ একেবাৰে ব্যৱহাৰ কৰিব নালাগে। বগা নিমখৰ সলনি ক’লা নিমখ খোৱাৰ আৰম্ভ কৰক-

ক’লা নিমখ খোৱাৰ আছে বহু উপকাৰিতা-

১/ কলেষ্টেৰলৰ মাত্ৰা কম হব

যদি আপুনি উচ্চ কলেষ্টেৰলৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আছে, তেন্তে সাধাৰণ নিমখৰ সলনি ক’লা নিমখ ব্যৱহাৰ কৰক। ই তেজ পাতল কৰি তোলে, যাৰ ফলত তেজৰ সঞ্চালন সঠিক হৈ থাকে। ইয়াৰ বাবে কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে আৰু উচ্চ ৰক্তচাপৰ পৰাও সকাহ পাব।

২/ ওজন বৃদ্ধি কৰিলে কমি যাব

যদি আপুনি ওজন কমাবৰ বাবে চেষ্টা কৰি আছে তেন্তে প্ৰথমে বগা নিমখ খোৱাৰ অভ্যাস ত্যাগ কৰক। তাৰ পৰিৱৰ্তে ক’লা নিমখ খাওক, কাৰণ এনে কৰিলে পেটৰ চৰ্বি কমিবলৈ আৰম্ভ কৰে।

৩/ বমি আৰু কোষ্ঠকাঠিন্যত সকাহ পাব

যেতিয়াই বাৰে বাৰে বমি হয় তেতিয়াই ক’লা নিমখ খাব পাৰে, ই তৎক্ষণাত সকাহ দিব। ইয়াৰ লগতে এই নিমখ খালে পেটৰ বেমাৰ দূৰ হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰাও সকাহ পোৱা যায়।

Leave A Reply

Your email address will not be published.