Breaking

ডেংগু ৰোগৰ পৰা হাত সাৰিবলৈ এইসমূহ খাদ্য খোৱাৰ আৰম্ভ কৰক…

0 45

ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰতি মানুহ ভয় কৰে। এই ৰোগত প্ৰথমে প্লেটলেট হ্ৰাস পায়। ইয়াৰ বাবে আপুনি কিছুমান খাদ্য গ্ৰহণ কৰিব লাগে যিয়ে শৰীৰত তেজ বৃদ্ধি কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব। য’ত ডেংগু আৰু মেলেৰিয়াৰ আশংকা সৰ্বাধিক। আজিকালি দ্ৰুতগতিত ডেংগু ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। জ্বৰ, চৰ্দি আৰু কাহ বহু দিনলৈ হয় ডেংগুত। লগতে যেতিয়া কোনো ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত হয় তেতিয়া শৰীৰত ৰক্তহীনতা হয়। আটাইতকৈ বিপদজনক কথাটো হ’ল প্লেটলেটৰ সংখ্যা কমি যায়। চিকিৎসকে সদায় প্লেটলেটৰ সংখ্যা সুষম হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। শৰীৰত প্লেটলেটৰ সংখ্যা বজাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। তদুপৰি এনেধৰণৰ খাদ্য খোৱাতো জৰুৰী যিয়ে শৰীৰত তেজ বৃদ্ধি কৰিব পাৰে। আজি আমি আপোনালোকক জনাম তেজ বৃদ্ধি কৰিবলৈ দৈনিক খাদ্য তালিকাত কি কি ফল অন্তৰ্ভুক্ত কৰিব….

যদি কোনো ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত, তেন্তে সেই ৰোগীজনে ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। এইবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ ছাইট্ৰাছ ফল সেৱন কৰক। যেনে কমলা, আমলখি, নেমু আৰু কেপচিকাম। ভিটামিন চি সমৃদ্ধ এই সকলোবোৰে শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব।

যদি আপোনাৰ ঘৰত কোনো ডেংগু ৰোগী আছে তেন্তে চিকিৎসকে দিয়া ঔষধৰ বাহিৰেও ৰোগীক ডালিম খুৱাওক। প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰা মৌল ডালিমত পোৱা যায়। ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰচুৰ পৰিমাণে আইৰণ হোৱাৰ বাবে ই শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। ডালিমত পোৱা অত্যাৱশ্যকীয় খনিজ পদাৰ্থ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা পুষ্টিকৰ উপাদানে আপোনাক শক্তি প্ৰদান কৰে।

কিচমিচত আইৰণৰ ভাল উৎস। গতিকে ডেংগুৰ ক্ষেত্ৰত কিচমিচ খাব লাগে। ৰক্তহীনতাৰ দৰে ৰোগত কিচমিচ অতি উপকাৰী। একেদৰে ডেংগুতো ই অতি ফলপ্ৰসূ। শৰীৰত তেজ বৃদ্ধি কৰিবলৈ কিচমিচ এমুঠি এগিলাচ পানীত ৰাতিটো তিয়াই থ’ব লাগে। তাৰ পিছত ডেংগু ৰোগীক ৰাতিপুৱা খাবলৈ দিব। এইখিনি খালে শৰীৰত হ্ৰাস পোৱা প্লেটলেট দ্ৰুতগতিত বৃদ্ধি পাব।



Leave A Reply

Your email address will not be published.