ৰাজ্যত ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা

অসম সচিবালয়ত বছৰৰ পাছত বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে অহা ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা৷ এই প্রকল্পৰ শুভাৰম্ভৰ অংশ ৰূপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত জনতা ভৱনৰ বিষয়া–কর্মচাৰীসক সৈতে এখন বৈঠকত মিলিত হয়৷ জনতা ভৱনৰ প্রায় ৬৫০গৰাকী বিষয়া–কর্মচাৰীৰ উপস্থিতিত আয়োজিত সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে অসম সচিবালয়ৰ বিভিন্ন বিভাগত বছৰৰ পাছত বছৰ ধৰি বহু ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ সেয়ে চৰকাৰে প্রজেক্ট সদ্ভাৱনাৰ জৰিয়তে সেই সকলো ফাইল অহা ১০ মে’ৰ পূর্বে নিষ্পত্তি কৰাৰ ক্ষেত্রত গুৰুত্ব দিছে৷ ২০২১ বর্ষৰ মে’ মাহৰ আগৰ পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ বাবে প্রজেক্ট সদ্ভাৱনা সূচনা কৰা হৈছে৷ তেওঁৰ দিনত প্রথম পর্যায়ত পুৰণি ফাইলসমূহৰ লগত জড়িত জনসাধাৰণে পুৰণি বিষয়সমূহৰ তথ্য প্রদানেৰে পঞ্জীয়ন কৰাৰ বাবে দুই মাহৰ সময় লাভ কৰিব৷ এই পঞ্জীয়ন চৰকাৰৰ সদ্ভাৱনা প’র্টেলৰ জৰিয়তে কৰিব পাৰিব৷ কিন্তু যিসকলৰ ইণ্টাৰনেট সেৱাৰ উপলব্ধতা নাই, তেওঁলোকে পাব্লিক ফেচিলিটেচন চেণ্টাৰৰ জৰিয়তে ফাইলৰ তথ্য দাখিলেৰে পঞ্জীয়ন কৰিব পাৰিব৷ নাগৰিকসকলক এটা উইনিক নম্বৰ প্রদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে বিভাগসমূহৰ অগ্রগতিৰ খতিয়ান ৰাইজে ল’ব পাৰিব৷

দ্বিতীয় পর্যায়ত বিভাগসমূহে ২০২২ বর্ষৰ এপ্রিল মাহলৈকে পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ জৰিয়তে ফাইলসমূহ বন্ধ কৰাৰ পদক্ষেপ ল’ব৷ সিদ্ধান্ত লোৱাৰ পাছত সকলো পুৰণি ফাইল বন্ধ কৰা হ’ব আৰু আর্কাইভ কৰা হ’ব৷ এই সমষ্ট প্রক্রিয়া ২০২২ বর্ষৰ ১০ মে’ৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিটো বিভাগতে একোগৰাকী ন’ডেল বিষয়া থাকিব৷ তদুপৰি আবেদন নকৰা কোনো পুৰণা ফাইল যাতে পৰি নাথাকে, তাৰ প্রতিও বিভাগৰ প্রধান সচিবসকলক বিশেষ দৃষ্টি ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত আবেদন কৰা–নকৰা সকলো পুৰণা ফাইল নিষ্পত্তি হ’ব লাগিব৷ নিষ্পত্তিৰ ফলাফল ইতিবাচকেই হওক বা খাৰিজেই হওক, ফাইলৰ নিষ্পত্তি হ’ব লাগিব৷ নব্বৈৰ দশকৰ ফাইলো নিষ্পত্তি নোহোৱাকৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সেই ফাইলো নিষ্পত্তি কৰাৰ প্রসংগ দর্শায়৷ এই প্রজেক্ট সদ্ভাৱনা যাতে সঠিক দিশত আগবাঢ়ে, তাৰ বাবে অহা ২৫ জানুৱাৰীত তেওঁ আই এ এছ, এ চি এছ বিষয়াসকলৰ লগত আলোচনাত মিলিত হ’ব৷ অহা ২৮ জানুৱাৰীত এই বৈঠকত উপস্থিত নথকা আনসকলৰ সৈতে সেই সম্পর্কত আলোচনাত মিলিত হ’ব৷ ফেব্রুৱাৰী মাহত প্রজেক্টটো আৰম্ভ হোৱাৰ পাছত চতুর্থবর্গৰ কর্মচাৰীসকলৰ সৈতেও সেই সম্পর্কত তেওঁ আলোচনাত বহিব বুলি প্রকাশ কৰি কয় যে এই কার্য সমাপন কৰাৰ দিশত চৰকাৰে ব্যাপকভাৱে প্রযুক্তিৰ সহায় ল’ব৷ সদ্ভাৱনা প’র্টেলত নাগৰিকৰ সঁহাৰিক আহ্বান জনোৱা হ’ব৷ নাগৰিকে তেওঁলোকৰ সঁহাৰিৰ অগ্রগতিৰ বিষয়ে জানিব পাৰিব৷ ই–ফিচৰ জৰিয়তে নাগৰিকে তেওঁলোকৰ ফাইলৰ অগ্রগতিৰ বিষয়ে জানিব পাৰিব৷ চৰকাৰে এক ডাচ ব’ৰ্ডৰ জৰিয়তে এই প্রকল্প ৰূপায়ণ নিৰীক্ষণ কৰিব পাৰিব৷ প্রশাসনক অধিক কার্যক্ষম আৰু জনসাধাৰণমুখী কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২২ বর্ষৰ ১০ মে’ত প্রজেক্ট সদ্ভাৱনাৰ ফলপ্রসূ সমাধানৰ পাছতে ৰাজ্য চৰকাৰে জনতা ভৱনত ই–ফিচ পদ্ধতি ৰূপায়ণৰ পদক্ষেপ ল’ব৷ ২০২৩ৰ ১০ মে’ৰ পূর্বে সচিবালয়ৰ সকলো বিভাগত ই–ফিচ পদ্ধতি কার্যক্ষম কৰি তোলা হ’ব৷ ইয়াৰ বাবে প্রতিটো বিভাগৰ প্রধান সচিবসকলক পর্যায়ক্রমে সকলো কর্মচাৰীক প্রশিক্ষিত কৰাৰ নির্দেশ দি ইয়াৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা চৰকাৰে গঢ়ি তুলিব৷ তদুপৰি এই পদক্ষেপ কার্যকৰী হোৱাৰ লগে লগে জনতা ভৱনত ফাইলৰ দ’ম কমাই চৰকাৰে স্বচ্ছতা অভিযানো আৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

প্রজেক্ট সদ্ভাৱনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিছন বসুন্ধৰাৰ আধাৰতে চৰকাৰে এই প্রকল্প হাতত হৈছে৷ চৰকাৰে যেতিয়া মিছন বসুন্ধৰা হাতত লৈছিল, তেতিয়া সর্বাধিক ৪ লাখ আবেদন লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু দেখা গ’ল ৮ লাখৰো অধিক আবেদন আহিল৷ মিছন বসুন্ধৰা–২ আৰম্ভ কৰিলে আৰু ৭ লাখ আবেদন আহিব৷ সেইদৰে লার্নাৰ ড্রাইভিং লাইচেঞ্চ অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ সময়ত ধাৰণা কৰা হৈছিল মাহেকত ১০ হাজাৰ আবেদন আহিব৷ কিন্তু কার্যক্ষেত্রত দেখা গ’ল মাহে ৫০ হাজাৰ আবেদন আহিল৷ এতিয়ালৈকে ৩ লাখ লোকে অনলাইনযোগে লার্নাৰ লাইচেঞ্চ ল’লে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে জনসাধাৰণে ইমানদিনে ব্যৱস্থাটোৰ ভয়ত, দালালৰ ভয়ত চৰকাৰৰ কাষৰ পৰা আঁতৰি আছিল৷ অনলাইন ব্যৱস্থা হোৱাৰ লগে লগে মাটিৰ সমস্যা নিষ্পত্তি, লার্নাৰ লাইচেঞ্চ বিচাৰি ৰাইজে নিজে চৰকাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিলে৷ সেয়েহে মুখ্যমন্ত্রী ড০ শর্মাই মুখ্য সচিবৰ পৰা আৰম্ভ কৰি চতুর্থবর্গৰ কর্মচাৰীলৈকে সকলোকে সেৱাৰ মানসিকতাৰে কাম কৰাৰ আহ্বান জনাই কয় যে তেতিয়াহে অসম দেশৰ ভিতৰতে সর্বোত্তম ৰাজ্য হ’ব৷ যিসকলে এতিয়াও মৰম কৰি ফাইল ৰাখি থৈছে, সেইসকলকো ফাইল এৰি দিয়াৰ আহ্বান জনাই তেওঁ কয় যে এই পাঁচ বছৰত সকলো ফাইল এৰা যাবই৷

আনহাতে, অসম সচিবালয়ত দৈনিক ২ হাজাৰ লোক অহাৰ কথা উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেছার্ছ কেপিএমজিএ অলপতে কৰা এক সমীক্ষাত সচিবালয়লৈ জনসাধাৰণ অহাৰ কাৰণসমূহ সুন্দৰভাৱে বিশ্লেষণ কৰিছে৷ বিশ্লেষণত এইটো প্রতীয়মাণ হৈছে যে সচিবালয়লৈ জনসাধাৰণ পুৰণি ফাইলৰ বিচাৰ–খোঁচাৰৰ বাবে আহে, যিসমূহৰ সিদ্ধান্ত বছৰ বছৰ ধৰি হোৱা নাই৷ শিক্ষা বিভাগত ২৭ শতাংশ লোক আহে৷ এওঁলোকৰ বেছিভাগেই প্রাদেশিকীকৰণৰ কাম, পদোন্নতিৰ কামত আহে৷ তদুপৰি বিভাগটোত বিভিন্ন শিক্ষক সংস্থাৰ লোকো আহে৷ লোকনির্মাণ বিভাগত ১৯ শতাংশ লোক আহে৷ এওঁলোকৰ প্রায়ভাগেই ঠিকাদাৰ৷ বিল সম্পর্কীয় কামৰ বাবে আহে৷ পেন্সন বিভাগত ৮ শতাংশ, জলসিঞ্চন বিভাগত ৫ শতাংশ, সমাজ কল্যাণ বিভাগত ৪ শতাংশ লোক আহে৷ সেইদৰে সচিবালয়লৈ বিভাগীয় প্রচিডিং–নিলম্বন প্রত্যাহাৰ, বদলি সংক্রান্তীয় কামত ২৯ শতাংশ চৰকাৰী চাকৰিয়াল আহে৷ ঠিকাদাৰ আহে ২৪ শতাংশ৷ শিক্ষক আহে ১২ শতাংশ৷ কোম্পানীৰ লোক আহে ৬.৫ শতাংশ৷ অৱসৰপ্রাপ্ত চাকৰিয়াল আহে ৬ শতাংশ৷ মাত্র ৭ শতাংশ লোকহে সাধাৰণ জনতা, যিয়ে চৰকাৰী পলিচীক লৈ আহে৷ ফাইলৰ নিষ্পত্তি নোহোৱা বাবে সচিবালয়ত এনেদৰে জনতাৰ ভিৰ হয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন কামৰ বাবে সচিবালয়ত হোৱা এনে ভিৰৰ পৰিপ্রেক্ষিতত ঠায়ে ঠায়ে দালালৰাজ গঢ়ি উঠাৰো উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেইসকল লোকে মুখ্যমন্ত্রী, মন্ত্রী, বিভাগীয় আয়ুক্ত সচিব, বিভাগৰ ডিলিং এছিছটেণ্ট আদিৰ নামতো ব্যাপক ধন সংগ্রহ কৰি আহিছে৷ সেয়েহে চৰকাৰে তেনে পৰিস্থিতিৰ অৱসান ঘটাবলৈ প’র্টেলযোগে ফাইল নিষ্পত্তিৰ ব্যৱস্থা কৰিছে৷

Related Articles