ৰাজ্যৰ সকলো মাদ্ৰাছা এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ

এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হব ৰাজ্যৰ মাদ্ৰাছা সমূহ। যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন।

এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্য়ক্তিয়ে লেখ আবেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্য়ায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

Related Articles