Breaking

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

0 2,052

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে । AICC অৰ্থাৎ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰাও পদত্যাগ কৰিলে পলাশ তামূলীয়ে ।

তামূলীয়ে এসময়ত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ ৰাষ্ট্ৰীয় কমিটীত স্থান লাভ কৰিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ পদবীতো নিৰ্বাচিত হৈছিল তামূলী । গোলাঘাটৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ ঘনিষ্ঠ হিচাপে পৰিচিত পলাশ তামূলী । অজন্তা নেওগৰ পদত্যাগৰ পিছতে কংগ্ৰেছ নেতৃত্বই তামূলীক গোলাঘাটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰো চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছিল । অজন্তা নেওগৰ প্ৰস্থানৰ পিছতে পলাশ তামূলীক গোলাঘাট কংগ্ৰেছৰ নেতৃত্ব ল’বলৈকো প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই নিৰ্দেশ দিছিল। পিছে পলাশ তামূলীয়েও দলত্যাগ কৰাত এতিয়া চৰম অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।পলাশ তামূলীয়ে  ইতিমধ্যে ই–মেইল যোগে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।


জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তামূলীয়ে অজন্তা নেওগৰ সৈতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে । অৱশ্যে পলাশ তামূলীয়ে অনাগত সময়ত কি সিদ্ধান্ত ল’ব সেই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

Leave A Reply

Your email address will not be published.