Breaking

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্ৰতিযোগিতা…

0 764

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সৌজন্যত অহা ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনদেৱৰ সোঁৱৰণত গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাজ্যিক পৰ্যায়ত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনি ‘ক’ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, ‘খ’ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু ‘গ’ শাখাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব। ‘ক’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- তৰুণৰাম ফুকন: জীৱন আৰু কৃতিত্ব,’খ’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- *ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, আৰু ‘গ’ শাখাৰ স্নাতক পৰ্যায়ৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান। ‘ক’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ৮০০ শব্দৰ ভিতৰত, ‘খ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১০০০ শব্দৰ ভিতৰত আৰু ‘গ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১২০০ শব্দৰ ভিতৰত হ’ব লাগিব। ৰচনা লিখাৰ ভাষাৰ মাধ্যম হৈছে- অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো ভাষা। বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লিখিত শ্ৰেষ্ঠ ৰচনা সমূহ নিজৰ নিজৰ বিদ্যালয়, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ যোগেদি জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। ৰচনা সমূহ জমা দিয়াৰ শেষ তাৰিখ ৩০জুন,২০২৪।

প্ৰতিযোগী সকলে ব্যক্তিগতভাবে জমা দিব খোজা ৰচনা সমুহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ’ব। প্ৰতিটো শাখাতে বিজয়ী সকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাৰ বিজয়ী সকলক প্ৰথম পুৰস্কাৰ-৫০,০০০টকা, দ্বিতীয় পুৰস্কাৰ -৩০,০০০টকা,তৃতীয় পুৰস্কাৰ-২০,০০০টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। তাৰোপৰি প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত ১০,০০০টকাৰ বিশেষ পুৰস্কাৰো প্ৰদান কৰা হ’ব। বিজয়ী প্ৰতিযোগী সকলক গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰো বিতৰণ কৰা হ’ব। প্ৰতিযোগিতাখনিলৈ আগ্ৰহী ছাত্র-ছাত্ৰী সকলৰ সহযোগিতা কামনা কৰা হৈছে।

Leave A Reply