Breaking

হাতীগাঁৱত এছটিএফৰ হাতত ২ ড্ৰাগছ সৰবৰাহকাৰী

0 15

গুৱাহাটী মহানগৰীৰ হাতী গাৱঁত শনিবাৰে এছটিএফে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰী দুটা আলিপুৰদুৱাৰৰ লিটনজিত দাস আৰু ডিমাপুৰৰ ছানী আচাৰ্যী বুলি আৰক্ষী সূত্ৰই উল্লেখ কৰে । । ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী মহানগৰীৰ হাতীগাওঁস্থিত শেৱালি পথ আৰু সুৰয পথত এছ টি এফে চলোৱা এক অভিযান চলায় । অভিযানৰ সময়ত হাতী গাঁৱৰ দিশে গৈ থকা অৱস্থাত এখন স্কুটীসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এছ টি এফে চলোৱা অভিযানত স্কুটীখনত সৰবৰাহকাৰীৰ এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত ১৭.৩ গ্ৰাম হেৰ’ইন,চিগাৰেটৰ পেপাৰ, বিভিন্ন ৰঙী ৰেপিং ৰবৰ, মোবাইল আৰু স্কুটী জব্দ কৰে । সম্প্ৰতি এছটিএফৰ দলে সৰবৰাহকাৰী দুটাক হাতী গাওঁ থানালৈ আনি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে ।

Leave A Reply