আজিও অৱহেলিত শতবৰ্ষ গৰকা দেশৰ ক্ষুদ্ৰতম নগাঁৱৰ “শেনচোৱা জংছন”

 ১৯২১ চনত ব্ৰিটিছ চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰাক ঐতিহাসিক যুগৰ এখনি অতিকৈ গুৰুত্বপূৰ্ণ ঠাই শিলঘাট টাউনত স্থাপন কৰিছিল এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন। তেতিয়াৰ পৰাই আৰম্ভ কৰিছিল শিলঘাট-চাপৰমুখ মিটাৰ গজ্ ৰেল সেৱাৰ। শিলঘাট,জখলাবন্ধা, শালনা,চামগুৰি, পুৰণিগুদাম,নগাওঁ টাউন, শেনচোৱা জংছন, বেবেজীয়া,ফুলগুৰি,ৰহা আৰু চাপৰমুখ জংছন এই দহটা ৰেল ষ্টেচন আৰু দুটাকৈ জংছনক সামৰি শিলঘাট-চাপৰমুখ মিটাৰ গজ্ ৰেল সেৱা আৰম্ভ হৈছিল ৷ ১৯২১ চনৰ পৰা ১৯৯২ চনৰ এপ্ৰিল মাহলৈকে এই ৰেল সেৱা ধাৰাবাহিক ভাৱেই চলাচল কৰি আহিছিল ৷ কিন্ত, সেইবৰ্ষৰে এপ্ৰিলৰ শেষৰ সপ্তাহত ৰেল বিভাগে বৃহৎ লোকচান ভৰাৰ অজুহাতত শিলঘাট-নগাঁও-চাপৰমুখৰেল সেৱা সম্পূৰ্ণ ৰূপে তথা চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে সেই মধুৰ স্মৃতিৰে ভৰা মিটাৰ গজ্ ৰেল সেৱা ৷ সেই সময়ছোৱাত নিতৌ পুৱা ৬.৩০ বজাত শিলঘাটৰ পৰা শিলঘাট-নগাঁও-চাপৰমুখ যাত্ৰীবাহী ৰেল গাড়ীখনে যাত্ৰা আৰম্ভ কৰি পুৱা ৯ বজাত নগাওঁ ৰেল ষ্টেচনত উপস্থিত হৈছিল। তাৰ পাছত একেৰাহে চাপৰমুখলৈ যাত্ৰা আৰম্ভ কৰিছিল। বিয়লি পুনৰ চাপৰমুখৰ পৰা যাত্ৰা আৰম্ভ সন্ধিয়া ৬ বজাত নগাওঁ ৰেল ষ্টেচন পোৱাৰ পাছত নিশা ৯ বজাত শিলঘাট টাউন ৰেল ষ্টেচনত উপস্থিত হৈছিল।এই ৰেলযাত্ৰা আছিল তাহানিৰ “মাৰ্টিন এণ্ড বাৰ্ণ কোম্পানী”ৰ ৰেলযাত্ৰা ৷অৱশ্যে সেই ৰেলগাড়ীৰ গতিবেগ আজিৰ দৰে ইমান দ্ৰুতগতি নাছিল ৷ বহু লেহেমীয়া আছিল ৷  সেই সময়ত কলিয়াবৰৰ ৰঙাগৰাঁৰ ওচৰৰ পৰা শিলঘাটলৈকে এক বিস্তৃত এলেকাৰ ৰেল আলিৰ দুয়োকাষে ব্ৰিটিছ চৰকাৰৰ চাহাৱ সকলে চাহ বাগিচা স্থাপন কৰিছিল। মূলতঃ চাহ ব্যৱসায় সুচল কৰি তুলিবৰ বাবেই ব্ৰিটিছ চৰকাৰে অতি তৎপৰতাৰে এই মিটাৰ গজ্ ৰেল সেৱা আৰম্ভ কৰিছিল। এই ৰেল সেৱাৰ ফলত নগাঁও জিলাৰ এক বৃহৎ অংশৰ লোক উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থসামাজিক বিকাশৰ ক্ষেত্ৰটো এই ৰেল সেৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ শিলঘাট,জখলাবন্ধাকে ধৰি কলিয়াবৰ,শালনা,চামগুৰি, পুৰণিগুদাম,বঢ়মপুৰ,নগাঁও,বৃহত্তৰ বেবেজীয়া,ফুলগুৰি,ৰহা,চাপৰমুখ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, চৰকাৰী চাকৰিয়াল আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে অহা ছাত্র-ছাত্ৰী সকল এই ৰেল গাড়ীৰে দৈনিক অহা- যোৱা কৰিছিল। ছাত্ৰ-ছাত্ৰী সকলে একেলগে ৰেলত বহি অতি আনন্দময় পৰিবেশৰ মাজেৰে অহা- যোৱা কৰিছিল। এতিয়াও সেইকথা মাজে মাজে বহুতৰে মুখে-মুখে উচ্চাৰিত হয় ৷ দুর্ভাগ্যবশত এই ৰেল সেৱা ১৯৯২ চনৰ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত বন্ধ হৈ পৰিছিল বিভিন্ন কাৰণত ৷ লগে লগে শিলঘাটকে ধৰি নগাওঁ জিলাৰ বৃহৎ অংশৰ আৰ্থসামাজিক উন্নয়নৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছিল। তেতিয়াৰ পৰাই শিলঘাটকে ধৰি কলিয়াবৰ,শালনা,পুৰনিগুদাম,বঢ়মপুৰ, নগাঁও,দক্ষিণপাট,বেবেজীয়া,জাজৰি,হাতীচোং,ফুলগুৰি,ৰহা,চাপৰমুখৰ বৃহৎ সংখ্যাক ৰাইজে এই ৰেল সেৱা পুনৰ আৰম্ভ কৰিবৰ বাবে ৰেল বিভাগৰ ওচৰত বহু দাবী জনাই আহিছিল। অৱশেষত বিভিন্ন দাবী তথা উজৰ আপত্তিত সুদীৰ্ঘ ১৯ বছৰৰ মূৰত শিলঘাট-চাপৰমুখ মিটাৰগজ্ ৰেল লাইন ব্ৰড গজ্লৈ উন্নীত কৰি ২০০৯ চনৰ ১৫ এপ্ৰিলৰ পৰা শিলঘাট-নগাওঁ-চাপৰমুখ হৈ গুৱাহাটীলৈ এই ৰেল সেৱা পুনৰ আৰম্ভ হয়। তদুপৰি ২০১২ চনৰ পৰা পৰ্যায়ক্ৰমে শিলঘাট-ধুবুৰী ৰাজ্যৰাণী এক্সপ্ৰেছ আৰু শিলঘাট-চাপৰমুখ যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হয়। অৱশ্যে শিলঘাট-চাপৰমুখ যাত্ৰীবাহী ৰেলৰ চালচল কিছুদিন চলাৰ পিছতে বন্ধ হৈ পৰে আৰু শিলঘাট-নগাঁও-চাপৰমুখ-গুৱাহাটী লৈ ৰেল সেৱাৰ চলাচল আৰম্ভ হয় ৷ ইফালে, ২০১৮ চনত সেইসময়ৰ ১০নং নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ তথা কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিশেষ তৎপৰতাত শিলঘাট-কলকাতা আৰু শিলঘাট-টাম্বাৰাম (চেন্নাই) লৈ দুখন দুৰনিবতীয়া ৰেল গাড়ী চলাচল কৰাবলৈও  সক্ষম হয় ৷ কিন্তু বিশ্বব্যাপী সৃষ্টি হোবা ক’ভিড জনিত পৰিস্থিতিৰ বাবে ২০২০ বৰ্ষৰ মাৰ্চৰ পৰা এই দুখন ৰেলৰ চলাচল বন্ধ হৈ পৰিছিল যদিও বৰ্তমান পুনৰ আৰম্ভ হৈছে ৷  দৈনিক এই ৰেলদুখনৰ জড়িয়তে সহস্ৰাধিক লোকে নিজৰ জীৱন জীবিকাৰ লগতে চৰকাৰী চাকৰিয়াল সকলে নিতৌ অহা-যোৱা কৰি আহিছে ৷ ক্ষুদ্ৰ ব্যৱসায়ী সকলেও ৰেলৰ ভিতৰতে নিজাকৈ চলাই গৈছে সৰু সৰু ব্যৱসায় ৷ এইসকলো ক্ষেত্ৰতে ঠিকে থাকিলেও আজি এশ বছৰ অতিক্ৰমী বেবেজীয়া-ফুলগুৰি-ৰহা ৰেল ষ্টেচন কেইটাৰ বিশেষ কোনো উন্নতি নহল ৷ ৰেল ষ্টেচন কেইটাত যাত্ৰী সকলৰ সুবিধা হোবাকৈ নাই দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিবলৈ তথা বহিব পৰাকৈ এটাও অপেক্ষা গৃহ,নাই ৰেলষ্টেচনত বিশুদ্ধ খোবা পানীৰ ব্যৱস্থা,ৰ’দ বৰষুণ ধুমুহা আদিৰ পৰা যাত্ৰী সকলক সুৰক্ষা দিব পৰা নাই কোনো সুদুৰপসাৰী ব্যৱস্থা ৷ তৎস্বত্বেও তাহানিৰ সেই ৰে’লযাত্ৰা আজিও হৈ আছে বহুতৰে বাবে মধুৰ নষ্টালজিয়া ৷ আজি শতবৰ্ষ গৰাকী গুৰুত্বপূৰ্ণ এই ৰেলষ্টেচন কেইটাৰ সেই তাহানিৰ ১৯২১ চনতে নিৰ্মিত হোবা টিকত ঘৰ কেইটাৰো আজিকোপতি কোনো উন্নয়ন হোবা দেখিবলৈ পোবা নগল ৷ কোনো পোহৰৰ ব্যৱস্থা নথকা ষ্টেচন কেইটাত নিশাৰ আন্ধাৰত দূৰনিবতীয়া বা অচিনাকি যাত্ৰী বা অকলশৰীয়া যুৱতী-মহিলা সকলৰ বাবে বহু সমস্যাই দেখা দিয়ে যেতিয়া ৰেলগাড়ী কেইখন আহি এইকেইটা ৰেলষ্টেচনত উপস্থিত হোবাৰ পিছত ষ্টেচন ভৰি দি যাত্ৰী সকলে সমগ্ৰ পৰিবেশটো অন্ধকাৰচন্ন হৈ থকা দেখা পায় ৷ ইয়াৰ ওপৰি আন্ধাৰৰ সুজোগ গ্ৰহণ কৰি ৰেলযাত্ৰী সকলৰ বহুতৰে নানা সময়ত টকাৰ তুপোলা বিভিন্ন বয়বস্তু আদিও হৰলুকি হোবাৰ ঘটনা সংঘটিত হৈছে ৷ পূৰ্বতে বহু কেইটা দল-সংগঠন, স্থানীয় ৰাইজ তথা ৰেলযাত্ৰী সকলৰ প্ৰবল দাবীত বেবেজীয়া-ফুলগুৰি-ৰহা এই গুৰুত্বপূৰ্ণ ৰেলষ্টেচন কেইটাৰ প্লেটফৰ্ম কেইটা যাত্ৰী সকলৰ উঠা-নমাত সুবিধা হোবাকৈ আজি কেইবছৰ মান পূৰ্বে ওখকৈ নিৰ্মাণ কৰা হ’ল যদিও বাকী সমূহ অসুবিধা তথা অভাবলৈ আজি পৰ্যন্ত ৰেল বিভাগে কোনো গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই ৰেল যাত্ৰীয়ে ৷ সেইয়ে এই শতবৰ্ষ অতিক্ৰম কৰাৰ মুহুত্বত বিভিন্ন দল-সংগঠন,স্থানীয় ৰাইজ তথা ৰেলযাত্ৰী সকলৰ দাবী এইযে বেবেজীয়া-ফুলগুৰি-ৰহা ৰেল ষ্টেচন কেইটা আধুনিক প্ৰযুক্তিৰে ৰাইজৰ সুবিধা হোবাকৈ নিৰ্মাণ কৰিলে ৰেলযাত্ৰী সকলৰ লগতে এইদুখন ৰেলৰ ওপৰতে নিৰ্ভৰশীল হৈ নিজৰ ক্ষুদ্ৰ ব্যৱসায় চলাই পৰিয়াল পৰিচালনা কৰি থকা ব্যৱসায়ী সকলৰ বহু উপকাৰ সাধন হব ৷ এইক্ষেত্ৰত ৰেলবিভাগক শীঘ্ৰে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ আনহাতে,দেশৰ ভিতৰতে অতি ক্ষুদ্ৰতম ৰেল জংছন ৰূপে পৰিচিত নগাঁও জিলাৰ শেনচোৱা ৰেল জংছনটোও আজি এশ বছৰৰ পাছতো কোনো বিশেষ উন্নয়ন সাধন নহল ৷ দেশৰ বিভিন্ন প্ৰান্তত তীৰ্থ যাত্ৰী সকলৰ লগতে অন্যান্য যাত্ৰী সকল দুৰদুৰনিৰ পৰা শিলঘাট অশোকাষ্টমী মেলা,শিলঘাটৰ মা কামাখ্যা মন্দিৰ,পৰ্যটনস্থলি ত্ৰীশুলধাৰী,হাতীমুৰা পাহাৰ,কুকুৰাকটা পাহাৰ,শিলঘাট মৰাপাট কল,মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ওপৰি অন্যান্য তীৰ্থস্থান তথা পৰ্যটন স্থলি সমূহলৈ অহাযোৱা কৰে ৷ তৎস্বত্বেও ৰেল বিভাগে আজি কোপতি দেশৰ আটাইতকৈ ক্ষুদ্ৰ ৰেল জংছনটোৰ বিশেষ কোনো উন্নয়ন হোবা দেখা নগল ৷ ৰেল জংছনটোত যাত্ৰী সকলৰ সুবিধা হোবাকৈ নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা,নাই কোনো আহলবহল বিশ্ৰাম গৃহ,যাত্ৰী সকলৰ বাবে বিশেষ কোনো শৌচালয়-প্ৰচাৱখানা,ৰেল জংছনত নাই কোনো উচ্চ ক্ষমতাসম্পন্ন পোহৰৰ ব্যৱস্থাৰ ওপৰি বহুকেইটা সমস্যা ৷ বৰ্তমানেও শেনচোৱা ৰেল জংছনত নাই দুৰদুৰনিৰ ৰেল যাত্ৰীৰ টিকত সংৰক্ষণৰ ব্যৱস্থা ৷ যাৰ পৰিপেক্ষিতত শেনচোৱা,বেবেজীয়া,জাজৰি,হাতীচোং,দক্ষিণপাট,বৰক’লা,ঘাহী,বৰজহা,ডাকৰঘাট,মহমৰীয়া,শিয়ালমাৰী,জাগিয়াল আদি বৃহত্তৰ এলেকাৰ ৰেল যাত্ৰী সকলে ৰাজ্যৰ বাহিৰলৈ চিকিৎসা জনিত কাৰনেই হওঁক বা আন বিভিন্ন কাৰনত ৰেলযোগে যাত্ৰা কৰিব লগা হলে জোখতকৈ অধিক মূল্য দি ব্যক্তিগত টিকত এজেঞ্চিৰ পৰা টিকত ক্ৰয় কৰিব লগা হয় ৷ আনকি ইয়াৰ ফলত কেতিয়াবা কেতিয়াবা এই ব্যক্তিগত ৰেল টিকত এজেঞ্চি সমূহৰ পৰা ক্ৰয় কৰি দুৰদুৰনিলৈ ৰেল যাত্ৰা কৰাৰ ফলত বহু যাত্ৰীয়ে বিভিন্ন আহুকালৰ সন্মুখীন হব লগাত পৰে আৰু যাত্ৰাৰ সময়ত ৰেলৰ টিকত পৰিক্ষকৰ লগত বিভিন্ন তৰ্কত লিপ্ত হোবাৰ ওপৰি পুনৰ টিকত পৰিক্ষকক বৃহৎ পৰিমানৰ মূল্য ভৰিব লগা ঘটনাও সংঘটিত হৈ আহিছে ৷ অৱশ্যে আজি প্ৰায় ডেৰ মাহৰ পৰা উত্তৰ পূৱ ৰেলৱে মুখ্য কাৰ্যালয়ৰ লামডিং সংমণ্ডলৰ অধীনত ৰেল লাইনৰ যি ইলেক্ট্ৰনিক ইঞ্জিন সংযোগেৰে ব্যৱস্থাৰে নতুনত্ব আনিব বিচৰা হৈছে সেই কামৰ কিছু শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও আৰু এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে ৷ ইফালে, জংছনটো প্লেটফৰ্মটো ইমান চাপৰ যে ৰেল যাত্ৰী সকলৰ বাবে ৰেলত উঠা-নমা কৰাত ভিষন সমস্যাৰো সৃষ্টি হৈ আহিছে ৷ সেইয়ে ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দেশৰ এই ক্ষুদ্ৰ ৰেল জংছনটো প্লেটফৰ্মটো যাত্ৰী সকলৰ সুবিধা হব পৰাকৈ শীৰ্ঘে ওখ কৰি নিৰ্মাণ কৰিবলৈ দাৱী জনাইছে ৷

Related Articles