Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

মুম্বাই, ৭ অক্টোবৰ: ব্যৱসায়িক সপ্তাহৰ(Trading Week) প্ৰথম দিনটোত গ্ৰীণ মাৰ্কৰে মুকলি হ’ল শ্বেয়াৰ বজাৰ(Stock Market Today)। BSEত চেন্সেক্স আজি ১০১.৪৪ পইণ্ট বা ০.১২ শতাংশ বেছিকৈ ৮১,৭৮৯.৮৯ পইণ্টত মুকলি হৈছে। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জ(NSE)ত নিফটিয়ে ১১২.৭০ পইণ্ট বা ০.৪৫ শতাংশ বৃদ্ধি কৰি ২৫,১২৭.৩০ পইণ্টত মুকলি কৰে(Sensex Rise)। বিশ্বব্যাপী ইতিবাচক সংকেটৰ মাজতে ৭ অক্টোবৰত ভাৰতীয় সূচকাংক নিফটি ২৫,১০০ৰ ওপৰত থাকিবলৈ সক্ষম হৈছে(Stock Market Analysis)।

শুকুৰবাৰে ভাৰতীয় টকাৰ মূল্য প্ৰতি ডলাৰত ৮৩.৯৭ টকাৰ হিচাবত বন্ধ হোৱাৰ বিপৰীতে সোমবাৰে ৮৩.৯৬ টকাত মুকলি হয়(Indian Stock Market) ।

বিগত শুকুৰবাৰৰ বজাৰৰ অৱস্থা

ট্ৰেডিং সপ্তাহৰ শেষৰটো দিন শুকুৰবাৰে শ্বেয়াৰ বজাৰ বৃহৎ লোকচানৰ সৈতে ৰঙা চিহ্নত বন্ধ হৈছিল(Indian Stock Index)। বিএছইৰ চেন্সেক্স ৮০১ পইণ্ট হ্ৰাস হৈ ৮১,৬৮৮.৪৫ পইণ্টত বন্ধ হৈছিল। একে সময়তে এন এছ ইৰ নিফটি ০.৯৩ শতাংশ হ্ৰাস পাই ২৫,০১৪.৬০পইণ্টত বন্ধ হৈছিল।

ট্ৰেডিঙৰ সময়ত এম এণ্ড এম, বাজাজ ফাইনেন্স, নেচলে ইণ্ডিয়া, হিৰো মট’কৰ্প, এছিয়ান পেইণ্টছৰ শ্বেয়াৰ এন এছ ইত শীৰ্ষ গেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত আছিল। আনহাতে ইনফ’ছিছ, অ’এনজিচি, টিচিএছ, টেক মহিন্দ্ৰা, এইচডিএফচি লাইফৰ শ্বেয়াৰ শীৰ্ষ লুজাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।

পাব্লিক ছেক্টৰ বেংক(PS Bank) আৰু আই টিৰ বাহিৰে বাকী সকলো খণ্ডৰ সূচকাংক ৰঙা ৰঙেৰে বন্ধ হৈ পৰিছিল, য’ত অ’ট’, এফ এম চি জি, ৰিয়েলটি, পাৱাৰ, মিডিয়া, টেলিকম, অইল আৰু গেছ সূচকাংকত ১-২ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল । তাৰোপৰি বিএছই মিডকেপ আৰু স্মলকেপৰ সূচকাংকত ০.৫-০.৫ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল।

যোৱা সপ্তাহত দালাল ষ্ট্ৰীটৰ বিনিয়োগকাৰীৰ ১৫ লাখ কোটি টকা লোকচান হৈছিল। মাত্ৰ পাঁচটা ব্যৱসায়িক সত্ৰত চেন্সেক্সৰ মূল্য প্ৰায় ৪ হাজাৰ পইণ্ট হ্ৰাস হৈছিল। ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰু চীনৰ উৎসাহজনক পেকেজৰ জোকাৰণিৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Related Articles