Breaking

জালুকবাৰীত চুৰি বাইক উদ্ধাৰ, চোৰক গ্ৰেপ্তাৰ…

21

গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায় দেওবাৰে দুপৰীয়া এখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে এজন চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কৰা চোৰটোক দৰং জিলাৰ মঙলদৈৰ গোৱিন্দ ৰাজবংশী (২৯) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মঙলদৈৰ পৰা চুৰি কৰা অনা বাইকখন জালুকবাৰীলৈ বিক্ৰী কৰিবলৈ আনিছিল গোবিন্দ ৰাজবংশীয়ে।

কিন্তু নম্বৰ প্লেট নথকা দুচকীয়া গ্লেমাৰ বাইকখন জালুকবাৰীৰ সমীপৰ সদিলাপুৰত বিক্ৰী কৰাৰ যো-জা কৰোঁতে জালুকবাৰী আৰক্ষী চকীৰ এটা দলে বাইকসহ গোৱিন্দ ৰাজবংশীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

published by: munmi gogoi

Comments are closed.