Breaking

সাধাৰণ লোকে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কথা আৰু পৰিঘটনাসমূহ শব্দ আৰু অনুভূতিৰ মাজেৰে প্ৰকাশ কৰিবলৈ গল্পকাৰসকল সমৰ্থ  “ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

0 13

ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” শীৰ্ষক গল্পপুথি উন্মোচন 


“গল্পকাৰ, ঔপন্যাসিক অথবা লেখকসকল এইবাবেই ভাগ্যৱান যে সাধাৰণ লোকে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কথা আৰু পৰিঘটনাসমূহ শব্দ আৰু অনুভূতিৰ মাজেৰে প্ৰকাশ কৰিবলৈ তেওঁলোক সমৰ্থ হয় । সেয়া লাগে সামাজিক বা ব্যক্তিগত  যি পৰিঘটনাই নহওঁক ।

” যোৱা ২৫ আগষ্ট তাৰিখে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” শীৰ্ষক গল্পপুথিখনি  উন্মোচন  কৰি এনেদৰে কয় ” অনুৰাধাৰ দেশ” ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে । তেখেতে লগতে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” গল্পপুথিখনি জীৱন আৰু অভিজ্ঞতাৰ পৰশেৰে উজ্জীৱিত হৈ উঠিছে বুলি মত প্ৰকাশ কৰে । 

অনুষ্ঠানত সভাপতিত্ব কৰি বিশিষ্ট লেখক তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে গল্পপুথিখনিত সন্নিৱিষ্ট গল্পসমূহত গ্ৰাম্যজীৱনৰ প্ৰভাৱ পৰাৰ লগতে বৰ্তমান সময়ত গ্ৰাম্যজীৱনত ব্যৱহাৰ কৰিবলৈ এৰা বহুতো সুৱলা শব্দৰ সমাৱেশ ঘটিছে বুলি কৈ গল্পপুথিখনিৰ এক সামগ্ৰিক বিশ্লেষণ আগবঢ়ায় ।

পাঞ্চজন্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে আৰু সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষাবিদ প্ৰসন্ন কুমাৰ দাস দেৱে ।

লেখকৰ ছয়মাইল স্থিত নিজা বাসভৱন ‘স্বৰ্ণলতা’ৰ প্ৰাঙ্গনত আনুষ্ঠিত উন্মোচনী সভাত প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ,অৱসৰপ্ৰাপ্ত জ্যোষ্ঠ জিলা চেচন ন্যায়ধীশ বিজয়লক্ষ্মী বৰুৱা, অসমৰ অৱসৰ প্ৰাপ্ত মুখ্য বন-সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰ, ট্ৰেড ইউনিয়ণ নেতা, লেখক উদ্ধৱ কাকতি, গল্পকাৰ সত্যোন্দ্ৰ মালাকাৰকে  ধৰি কেইবাগৰাকীও লেখক-সাহিত্যিক, শিক্ষাবিদ আৰু  প্ৰশাসনীয় বিষয়াই বক্তব্য আগবঢ়ায় ।

সভাৰ আৰম্ভণিতে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে অসীম বৰুৱাই বেহেলা বাদন আৰু যুৱপ্ৰজন্মৰ শিল্পী সংস্কৃতা মালাকাৰে এটি ভূপেন্দ্ৰ সংগীতেৰে সমবেত ৰাইজক আদৰণি জনায় ।

Leave A Reply

Your email address will not be published.