Breaking

বকোত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। এমাহৰ বিল আহিল লক্ষ্যাধিক টকা

0 1,575

 ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ কামৰূপ জিলাৰ বকো বিদ্যূৎ সংমণ্ডলৰ দ্বাৰা প্ৰেৰণ কৰা বিদ্যুতৰ বিল দেখি চকু কপালত উঠিছে একাংশ উপভোক্তাৰ। ইফালে অধিক সংখ্যক উপভোক্তাই প্ৰতি মাহে আদায় দি আহিছে বিদ্যুৎ বিল ৷ ইয়াৰ পাছতো কেনেদৰে আহিল ইমান বিল এয়া হৈছে এক কৌতুহলী প্ৰশ্ন। বিদ্যুত বিভাগৰ এনে আজৱ কাণ্ড সংঘটিত হৈছে বকোৰ গামেৰীমুৰাত। এই অঞ্চলৰ এটা পৰিয়ালৰ  বিল আহিল লক্ষ্যাধিক টকাৰ ৷ বিদ্যুত  বিভাগৰ এনে আজৱ কাণ্ডই চিন্তিত কৰি তুলিছে বকোৰ গামেৰীমূৰা আৰু জয়পুৰ গাঁওবাসীক। কামৰূপ জিলাৰ বকো বৈদ্যুতিক উপ – সংমণ্ডলৰ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে এই  গামেৰীমূৰা, জয়পুৰবাসী ৰাইজে। গাওঁদুখনত একাংশৰে আহিল মাহেকীয়া বিদ্যুৎ মাচুল ১,০১,৯১৮ টকা পর্য্যন্ত। মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাছতো কেনেদৰে আহিল ইমান বিল সেইলৈ বিমোৰত পৰিছে গাঁও বাসী ৷ এইসকল গ্রাহকে বিভাগটোৰ এনে কাণ্ডত এতিয়া মূৰে কপালে হাত দিছে। অভিযোগ অনুসৰি বিভাগটোৰ অধীনস্থ গামেৰীমূৰা আৰু জয়পুৰ গাওঁৰ উপভোক্তাই  চলিত বৰ্ষৰ জুন জুলাই মাহ পর্য্যন্ত নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দি আহিছিল। কিন্তু আগষ্ট মাহত ৩১ দিনৰ বিল আদায় দিব লগীয়া ধনৰ পৰিমাণ দেখি উপভোক্তা সুগ্ৰীৱ ৰাভাৰ লগতে একাংশ উপভোক্তাই মূৰে কপালে হাত দিব লগীয়া হৈছে। এই সন্দৰ্ভত গ্রাহক সকলে বিষয়টোত হস্তক্ষেপ কৰাৰ লগতে এই বিল কোনোপধ্যেই পৰিশোধ নকৰোঁ  বুলি দাবী কৰে।ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে গ্রাহক সকলে। 

Leave A Reply

Your email address will not be published.