Breaking

দেৰগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাটৰ নাট…

0 81

পানীয়ে প্ৰাণীৰ প্ৰাণ । বিশুদ্ধ খোৱা পানী জনসাধাৰণক যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যত ৰূপায়ণ হৈ আহিছে জল জীৱন মিচন শীৰ্ষক অভিলাষী আচনি । এনে সময়তে জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দিশ সন্দৰ্ভত জনসাধাৰণক সচেতন কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে । আজি দেৰগাঁৱৰ আৰক্ষী থানাৰ সমীপত আৰু দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰৰ সমীপত বিদ্যালয় খনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাটৰ নাট ।

বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃগাংক ঠাকুৰৰ পৰিচালনাত আৰু বিদ্যালয়ৰ অধ্যক্ষ চিদা পাঠকৰৰ তত্ত্বাৱধান বিদ্যালয়খনৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰে নাটখনি। নাটখনিৰ জৰিয়তে সমবেত দৰ্শক সকলক পানীৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ আহ্বান জনাই অভিনিত শিল্পী সকলে ।

Leave A Reply

Your email address will not be published.