Breaking

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ ! এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী…

0 13

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ

জি এম চি, জি এম ডি এক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তৰুণ নগৰ উন্নয়ন সমিতিৰ

এখন অবৈধ দেৱালকলৈ ৰাজহুৱা অভিযোগ তুলি এটা পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈছে তৰুণ নগৰ উন্নয়ন সমিতি। অবৈধ দেৱাল নিৰ্মাণৰ বাবে কৃত্ৰিম বানৰ সন্মুখীন হৈ অহা ৰাইজে ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে নাথ উপাধিৰ এজন লোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰনিগম (জিএমচি) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (জিএমডিএ)ক অভিযোগ দাখিল কৰি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি পৰিয়ালটোৱে

তৰুণ নগৰ মুখ্য পথৰ দুইফুট পৰ্যন্ত দখল কৰাৰ লগতে আশ্চৰ্যজনকভাৱে পথৰ নলাৰ ওপৰতে এখন দেৱাল নিৰ্মাণ কৰি সদাব্যস্ত অঞ্চলটোৰ যাতায়াতত চৰম ব্যাঘাত জন্মাইছে । এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৷ তদুপৰি তৰুণ নগৰ, শ্ৰীনগৰৰ সংযোগ স্থানত অবৈধভাৱে এখন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছে মহাপ্ৰতাপী পৰিয়ালটোৱে। ফলত উক্ত স্থানত

পথচোৱা সংকুচিত হৈ দুৰ্ঘটনাপ্ৰৱন এলেকা হৈ পৰিছে। সেয়েহে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে অবৈধ দেৱাল ভাঙি দিয়াৰ লগতে দোকান উচ্ছেদ কৰি অনতিপলমে অঞ্চলটোক দুৰ্ঘটনামুক্ত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক তৰুণ নগৰ উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন দাস আৰু সম্পাদক সুৰজ চৌধুৰীয়ে দাবী জনাইছে।

Leave A Reply

Your email address will not be published.