Breaking

সোণতলীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷

0 696

সোণতলী

দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, চিকিৎসা কৰ্মী তথা আশা কৰ্মী সন্থাৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্বন আৰু ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সোণতলী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত পৌৰহিত্ব কৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীয়ে ৷ সামাজিক দুৰত্ব বৰ্তাই ৰাখি আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে পাচঁ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মান পত্ৰ, কিতাব, কলম আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীক আৰু অধিক উৎসাহিত কৰি তোলে ৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অধীনস্থ কিচমত কাঠমী গাৱৰ আশাকৰ্মী ইলিজা আহমেদৰ কন্যা স্বাহনাজ আখতাৰকো আশাকৰ্মী সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰী কেইজন ক্ৰমে আশ্ৰাফুল হক, ইলিয়াচ আলী, খাদিজা আহমেদ, ৰুকছানা আজাদ আৰু স্বাহানাজ আকতাৰ ৷ ছাত্ৰ-ছাত্ৰী কেইজনৰ ফলাফল অনুসৰি আশ্ৰাফুলে ৯৫.৫ শতাংশ, ইলিয়াচ আলী ৯৩.৫ শতাংশ, খাদিজা খাতুন ৯১.১৭ শতাংশ, ৰুকছানা আজাদ ৮৫.৮৩ শতাংশ আৰু স্বাহানাজ আকতাৰে ৮১.৩৩ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্টপীয়াকৈ অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৪ নং সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ড° কুৰবান আলী আৰু ড° ৰবিউল হুছেইনৰ লগতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহঃ প্ৰৱক্তা দোস্ত খলিলুৰ ৰহমান আদিকে কেইবাজনো গন্য মান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকা সকল ৷ অনুষ্ঠানটিত স্বাজাহান আলী আৰু ড° কুৰবান আলীয়ে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য ভাষণ  প্ৰদান কৰাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৷ 

Leave A Reply

Your email address will not be published.