বৰডুমচা পৰা ২নৱেম্বৰ বৰডুমচাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনৰ পুৰণি পুখুৰী গাওঁ পঞ্চায়তত চলি থকা দুৰ্নীতি আৰু বৰডুমচা মাধৱপুৰস্থিত বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ ছাগলী আৰু গৰুৰ পৰা পঞ্চায়তৰ যোগে অতিৰিক্ত কৰ সংগ্ৰহ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে। পঞ্চায়ত কতৃপক্ষৰ দ্বাৰা বিগত তিনি বৰ্ষ জোৰা সাপ্তাহিক বজাৰখনৰ ছাগলী গৰু বজাৰত ৩০ শতাংশ কৈ সংগ্ৰহিত কৰা অতিৰিক্ত কৰ ক”ত কেনেদৰে ব্যয় কৰি আহিছে কিম্বা কত মজুত ৰখা হৈছে আৰু পঞ্চায়তখনত চলি অহা দুৰ্নীতিৰ বিষয়ে তথ্য ৰাজহুৱা কৰিবলৈ নিদিষ্ট সময়সীমা বান্ধি দিছিল মাধৱপুৰৰ সাপ্তাহিক বজাৰখনৰ লেছী গোট আৰু স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।বিশেষকৈ পঞ্চায়তখনৰ যোগে সাপ্তাহিক বজাৰত অতিৰিক্ত কৰ সংগ্ৰহ,পথ নিৰ্মাণ আৰু বজাৰ আন্তগাঁঠনিৰ উন্নয়নৰ নামত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত স্পটিকৰণ বিছাৰি পঞ্চায়তৰ সভানেত্ৰীক ৪৮ ঘণ্টা সময় সীমা বান্ধি দি পঞ্চায়ত কতৃপক্ষলৈ এক লিখিত পত্ৰ প্ৰেৰণ কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্থানীয় আঞ্চলিক গোটে।অন্যথা পঞ্চায়তখনত তলা বান্ধি দিয়াৰ দৰে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰিছিল। পঞ্চায়ত কতৃপক্ষই নিৰ্ধানিত সময় সীমা উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰি তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থকাৰ উপৰিও সভানেত্ৰী গৰাকীয়ে মইমতালি প্ৰদৰ্শন কৰা কাৰ্যত ক্ষোভিত হৈ আজি পঞ্চায়তখনৰ মুল গেটত লগালে তলা ।পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈ থকা ৰাজহুৱা অভিযোগ যেতিয়া লৈকে তথ্যসহকাৰে ৰাজহুৱাকৈ স্পষ্টিকৰণ নিদিয়ে তেতিয়ালৈকে পঞ্চায়তখনত তলা উলমি থাকিব বুলি বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ সংগঠনটোৰ উপদেষ্টা গৌতম বৰুৱা, সাধাৰণ সম্পাদক মন্টুশ মুুুদৈয়ে আৰু বজাৰৰ লেছী গোটে সদৰি কৰিছে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ