Breaking

বাঘমাৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত চুড়ান্ত ভেঙুচালি, বাঘমাৰাচৰ ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

0 2,029

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো মহামাৰী কৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যতো কৰোণাৰ সংহাৰ অব্যাহত আছে। প্ৰতিদিনে ইজনৰ পিছত সিজনকৈ লোকৰ মৃত্যু হৈছে যদিও চৰাঞ্চলৰ চিকিৎসালয় সমুহত প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ নথকা বাবে কভিড ৰোগী সকলে চিকিৎসা সেৱাৰ পৰা চুড়ান্ত ভাৱে বঞ্চিত হব লগা হৈছে। দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ বাঘমাৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত চুড়ান্ত ভেঙুচালি আৰু কৰোণাক লৈ স্বাস্থ্য বিভাগৰ কোনো তৎপৰতা নেদেখি মঙ্গলবাৰে বাঘমাৰাচৰ ছাত্ৰ সংগঠনে চিকিৎসালয় খনৰ চৌহদত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। স্বাস্থ্য কেন্দ্ৰটোত প্ৰতিদিনে পাঁচৰ পৰা সাত জনকৈ লোকৰ দেহত কভিড’১৯ পজিটিভ ধৰা পৰিছে যদিও স্বাস্থ্য কেন্দ্ৰটোত এজনো চিকিৎসক নথকাত প্ৰতিদিনে ৰোগী আহি ঘূৰি যাব লগা হৈছে। উল্লেখ্য যে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকাত ফাৰ্মাচিষ্টজনহে চিকিৎসকৰ ভূমিকাত কাম কৰি আছে। সম্প্ৰতি কৰোণা পজিটিভ ৰোগী সকলক নামমাত্ৰ ঔষধ প্ৰদান কৰি হোম আইছোলেশ্বনত থাকিবলৈ পৰামৰ্শ দিয়েই নিজৰ দায়িত্ব সামৰিছে। ইয়াক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে নৱ নিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক ছাত্ৰ সংগঠনটোৰ লগতে ৰাইজে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়ে কেইবাবাৰো অৱগত কৰিছে যদিও স্বাস্থ্য বিভাগৰ কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত নোহোৱাত বাঘমাৰাচৰ ছাত্ৰ সংগঠনে সম্পূৰ্ণ কভিড প্ৰট’কল মানি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। স্বাস্থ্য বিভাগ হায় হায়, বৰপেটা জিলা স্বাস্থ্য বিভাগ হায় হায়, চিকিৎসক আমাক লাগিবই, চৰাঞ্চলত কভিড কেয়াৰ চেন্টাৰ লাগিবই আদি শ্ল-গানেৰে বাঘমাৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  চৌহদ উত্তাল কৰি তোলে। অতি সোনকালে বাঘমাৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণে ঔষধৰ যোগান ধৰাৰ লগতে চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে। এই সমস্যা সমাধান নহলে অতিশীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী বাঘমাৰাচৰ ছাত্ৰ সংগঠনে। 

Leave A Reply

Your email address will not be published.