Breaking

সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি ক’ৰ  চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ন্য়ায়ৰ দাবীত আই চি এ আৰৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত উত্তাল…

0 17

সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি ক’ৰ  চিকিৎসা মহাবিদ্যালয়ৰ কাণ্ডই  ধেমাজি জিলাৰ গোগামুখ অঞ্চলকো কঁপাই গৈছে ৷ ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান(অসম) চমুকৈ আই চি এ আৰ’ৰ  অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে  ধেমাজি জিলাৰ গোগামুখ নগৰত  কলকাতাৰ আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক মৌমিতা দেৱনাথৰ বালাৎকাৰী তথা হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত দেওবাৰে সন্ধিয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ গোগামুখ নগৰ উত্তাল কৰি তোলে ৷ 

আৰ চি এ আৰ’ৰ ছাত্ৰ-ছাত্ৰীসকলে  কনিষ্ঠ চিকিৎসক মৌমিতাৰ আত্মাৰ সদ্‌গতি কামনাৰে প্ৰথমে গোগামুখ ট্ৰেফিক পইন্টত ম’ম জ্বলাই প্ৰাৰ্থনা কৰে । ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে ৷ বিক্ষোভত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে মৌমিতাৰ বালাৎকাৰী তথা হত্যাকাৰীক ফাঁচি দিয়ক, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হুঁচিয়াৰ, বেটি পঢ়াও বেটি বচাওঁ, আমাক ন্যায় লাগিবই, বেটি, Without justice without peace and safety-Illusion. উই ৱান্ট জাষ্টিচ আদি শ্ল’গান  দিয়ে ৷

সন্ধিয়া ৬ বজাৰ পৰা ৬-৩০ বজালৈ  বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত হোৱা ছাত্ৰ-ছাত্ৰীসকলে দিৰপাইস্থিত অসম কৃষি গৱেষণা প্ৰতিষ্ঠানৰ মূল প্ৰৱেশদ্বাৰটো বন্তি প্ৰজ্বলন কৰে সমগ্ৰ পৃথিৱীৰ শান্তি কামনা কৰাৰ লগতে দেশৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু নাৰী সমাজক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰক আহ্বান জনায় ৷ 

Leave A Reply

Your email address will not be published.