Breaking

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ! মহাবিদ্যালখনৰ প্ৰথম স্নাতকৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টত খেলি মেলিৰ অভিযোগ…

0 15

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। মহাবিদ্যালখনৰ প্ৰথম স্নাতকৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টত খেলি মেলিৰ অভিযোগ। ভালদৰে পৰীক্ষাৰ দিয়াৰ পিছতো অধিকাংশ ছাত্ৰ ছাত্ৰীৰ বেগ লগাৰ (এৰিয়াৰ) অভিযোগ, ৰিজাল্টক লৈ তীব্ৰ ক্ষোভ ছাত্ৰ ছাত্ৰীৰ।

ইয়াৰ উপৰি পূৰ্বতে বেগ তথা এৰিয়াৰ নামত ১৪০০ টকা মাছুল আদায় দি পুনৰ পৰীক্ষা দিব পাৰিছিল কিন্তু বৰ্তমানে এৰিয়াৰ নামত ৪০৬০ টকা মাছুল দিব লগাত এতিয়া বহু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।

ৰিজাল্টৰ খেলি মেলিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সহোযোগত কলেজত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ক এই বিষয়ত লিখিত আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবে উপায়ন্তৰ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ছাত্ৰ ছাত্ৰী সকলে। ছাত্ৰ সকলৰ দাবী পৰীক্ষাৰ বহী পুনৰ পৰীক্ষণ হ’ব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ অতিৰিক্ত মাছুলৰ পৰা ৰেহাই দিব লাগে।

Leave A Reply

Your email address will not be published.