Breaking

হাজোৰ বিজুলীঘাট অঙ্গনবাড়ী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষন মাহৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা সপ্তাহৰ সফল সামৰণি অনুষ্ঠান সম্পণ্ণ

0 514

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিজুলীঘাট অঙ্গনবাড়ীকেন্দ্ৰত ৰাষ্ট্ৰীয় পোষন মাহ ২০২২ ” উপলক্ষে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা সপ্তাহৰ অন্তিমটো দিন উপলক্ষে সামৰনি কাৰ্যসূচী সম্পণ্ণ হ’য়।অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত হাজো সংহত শিশু উণ্ণয়ন প্ৰকল্পৰ উদ্যোগত ৮ নং চক্ৰৰ সহযোগত সম্পণ্ণ হোৱা আজিৰ এই অনুষ্ঠানটোত মাত্ৰু বন্দনা যোজনা সপ্তাহ উপলক্ষে সজাগতামূলক শোভাযাত্ৰা, পঞ্চামৃত ,অণ্ণপ্ৰসন্ন ,গীত ,নৃত্য অভিনয় শৈলী ,বাটৰ নাট, নাম প্ৰসংগ পৰিৱেশনৰ যোগেদি প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা সপ্তাহ উদযাপনৰ শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । কাৰ্যসূচীত মাতৃ ৰথ,পুষ্টি ৰথ,শক্তি ৰথৰ যাত্ৰাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা, আইৰন সেৱন,প্ৰেৰণ সেৱা আদি বিভিণ্ণ বিষয়ৰ ওপৰত গৰ্ভৱতী শিশু প্ৰসূতি মাতৃসকলক সজাগ কৰাৰ লগতে পৰিপুৰক পুষ্টিকৰ খাদ্যভাস সম্পৰ্কে তৃণমূল পৰ্যায়ত লৱলগীয়া যতন সন্দৰ্ভত বক্তব্য দাঙি ধৰে।


অনুষ্ঠানটোত শিশুসকল আৰু মাতৃসকলৰ পৰিপুষ্টি আহাৰৰ নিদৰ্শন ৰূপে ভিন্ন প্ৰকাৰৰ তিতা মিঠা কেহা ফল-মূল,সেউজীয়া শাক-পাচলি,কণী,আইৰন টেবলেট আদি সজাই পৰাই ৰখাওঁ পৰিলক্ষিত হৈছে।সজাগতামূলক সভাখনত উপস্থিত থাকে হাজো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমান,বিশেষজ্ঞ জুৰি কলিতা,সহকাৰী প্ৰকল্প মিনাক্ষী গগৈ,মুখ্য সেৱিকাবৃন্দ ক্ৰমে ৰিংকু দাস, চাৰ্য ঠাকুৰীয়া,টি কবিতা দেৱী,নিলুফাৰ ইয়াছমিন,নমিতা ডেকাকে প্ৰমূখ্য কৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ প্ৰায় শতাধিক কৰ্মী সহায়িকা,স্বাস্থ্য কৰ্মী তথা অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.