Breaking

গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…

0 30

মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো চৌবিশ সংখ্যক ৰঙালী বিহু যোৱা ১ ব’হাগ (১৪ এপ্ৰিল) , ২৮ ব’হাগ (১১ মে’) আৰু ২৯ ব’হাগত (১২ মে’ ২০২৪) তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ৷ বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা , একক আৰু দলীয় শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, মৌ-কুঁৱৰী, বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিহু হুঁচৰি প্ৰতিযোগিতাত বৰলুইত বিহু হুচৰি দলে প্ৰথম আৰু মহাবাহু বিহু হুচৰি দলে দ্বিতীয় স্থান, বিহুৱতী প্ৰতিযোগিতাত দীপামণি বৰাই প্ৰথম আৰু কাৰ্জী কোঁচে দ্বিতীয় স্থান , মৌ-কুঁৱৰী প্ৰতিযোগিতাত কস্তুৰী শইকীয়াই প্ৰথম স্থান আৰু বিপাংশী শইকীয়াই দ্বিতীয় স্থান, একক লোক নৃত্য ক- শাখাত ৰিয়াংসী বৰুৱা, হিয়া কলিতা আৰু অনুশ্ৰী দাসে যথাক্ৰমে প্ৰথম,দ্বিতীয়, তৃতীয় স্থান আৰু খ-

শাখাত জোনমণি বৰা, দিচা বৰা আৰু মৃনাংগী বৰ্মণে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত বৰদৈ চিখলা ডি ডি গ্ৰুপে প্ৰথম স্থান, মধুস্মিতা চহৰীয়াৰ দলে দ্বিতীয় আৰু মৰমী দলে তৃতীয় স্থান লাভ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ খ-শাখাত ময়ুৰদ্বীপ তালুকদাৰে প্ৰথম স্থান লাভ কৰে ৷ ২৮ ব’হাগৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে সভাপতি পৱন বুঢ়াগোহাঁইক বিহু তলিলৈ আদৰি আনে আৰু ইয়াৰ পিচতে বিহুৰ পতাকা উত্তোলন কৰে বৰগোহাঁয়ে ৷ স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কুমুদেশ্বৰ শৰ্মাই ৷ মুকলি বিহু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰ বিহুৱতী গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড বিহু অনুষ্ঠানৰ প্ৰশিক্ষীকা জাগৃতি কলিতাই ৷ উদ্বোধনী ভাষনত বিহুৱতী গৰাকীয়ে বিহু আৰু অসমৰ সংস্কৃতি বিষয়ক শ্ৰুতিমধুৰ বক্তৃতাৰে উপস্থিত সকলোকে আপ্লুত কৰে লগতে বিহু নৃত্য আৰু ঢোলৰ মালিতা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতেই দুটা দলে বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ বিয়লি মঞ্চত কুইজ আৰু আকস্মিক স্মৃতিপ্ৰভা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান বিহু সমিতিৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় সিদানন্দ শৰ্মা, নিলীমা গোস্বামী শৰ্মা, ফণীধৰ দাস, প্ৰাক্তন কাৰ্যকৰী সভাপতি লীলাকান্ত বৰা, প্ৰাক্তন স্মৰণীকা সম্পাদক শশীন্দ অধিকাৰী ,প্ৰাক্তন উপ-সভাপতি জবেদ আলী আৰু প্ৰতাপ চন্দ্ৰ বৰাৰ সোৱঁৰণত অনুষ্ঠিত হয় ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বলিষ্ঠ অভিনেতা, পৰিচালক আৰু নাট্যকাৰ চম্পক শৰ্মাই ৷ চচলৰ মহিলাবৃন্দই পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা সংগীতানুষ্ঠানে উপস্থিত সকলোকে মোহিত কৰে ৷ ইয়াৰ পিচতে সদৌ অসম ভিত্তিত একক লোকনৃত্য, দলীয় লোক নৃত্য, মৌ-কুঁৱৰী, বিহুৱতী আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাতিপুৱা ৮ বজালৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাসমূহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে যোগদান কৰে ৷

২৯ ব’হাগৰ দিনা সন্ধিয়া ৬ বাজি ৩০ মিনিটত ওপৰ চচল বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাতা স্বৰ্গীয় ৰূপেশ্বৰ পাটৰৰ সোঁৱৰণত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাত সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘ ব’হাগী ‘ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লিখক, কবি আৰু স্তম্ভ লিখক, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ড° নন্দ সিং বৰকলাই ৷ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া ৷ সন্ধিয়া ৮ বজাত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট গীতিকাৰ, সুৰকাৰ সংগীত শিল্পী ৰসানন্দ গগৈয়ে ৷ শিল্পী গৰাকীৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ চচল মহিলা কৃষ্টি সমাজৰ আকৰ্ষণীয় জেং বিহু, বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দিপামণি বৰাৰ বিহুনৃত্য, ভোৰতাল নৃত্যশৈলীৰ আধাৰত সৃষ্টিশীল নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰি পৰিৱেশ্য কলাৰ প্ৰতিষ্ঠান নগাঁৱৰ সূত্ৰধাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতে কনাই চুৰ বনাম চিচিংফাক কৌতুক গোষ্ঠীৰ হাঁহিৰ ঠুনপাক আৰু জনপ্ৰিয় শিল্পী ৰোহিত সোণাৰৰ সংগীতানুষ্ঠানে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তোলে ৷ তিনিদিনীয়া কাৰ্যসূচীৰ সফল সামৰণিৰ বাবে সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু পূৰ্ণকান্ত মহন্তই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সমূহ ৰাইজলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Leave A Reply

Your email address will not be published.