নলবাৰীত ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ সফল সমাপ্তি

 সমগ্ৰ দেশতে ক’ভিড-১৯ টিকাকৰণৰ গতি অধিক ক্ষিপ্ৰতৰ কৰাৰ উদ্দেশ্যেৰে চৰকাৰৰ তৰফৰ পৰা যোৱা নৱেম্বৰ মাহৰ ৯ তাৰিখৰ পৰা “হৰ ঘৰ দস্তক” কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে টীকা প্ৰদান (Door to Door Vaccination) অভিযান আৰম্ভ কৰা হৈছিল আৰু এই অভিযানৰ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ সফল সমাপ্তিৰ অন্তত আজি নলবাৰী জিলাই  ৯৯.৯% যোগ্য ব্যক্তিৰ প্ৰথম পালি টিকাকৰণ সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে।কালি  এই কৰ্য্যসূচীৰ সফল সামৰনিৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি ৪:৩০ বজাত এই টীকাকৰন অভিযানৰ সৈতে জড়িত বিভিন্ন দিশ তথা পৰৱৰ্তী সময়ত দ্বিতীয় পালি টীকা প্ৰদান ক্ষেত্ৰত দেখা দিব পৰা সাম্ভাব্য প্ৰত্যাহ্বান আদিৰ বিষয়ে আলোচনাৰ উদ্দেশ্যে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন আৰু নলবাৰী জিলালৈ Vaccination Observer হিচাবে অহা অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰীৰ উপস্থিতিত এই অভিযানৰ সৈতে জড়িত চক্ৰ বিষয়াসকল, বি. এল. অ. সকল তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে অন্যান্য সংশ্লীষ্ট সকলৰ সৈতে এখন সভা অনুষ্ঠিত হৈ যায়। যোৱা ২৯ নৱেম্বৰত ‘হৰ ঘৰ দস্তক’ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ কৰাৰ দিনটোত নলবাৰী জিলাত প্ৰথম পালি ক’ভিড টীকা গ্ৰহণ কৰিবলৈ বাকী থকা মুঠ যোগ্য ব্যক্তিৰ সংখ্যা আছিল ৭,১৭৫ গৰাকী আৰু আজিৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তত আজিৰ তাৰিখত নলবাৰী জিলাৰ ৭,১৪০ গৰাকীক প্ৰথম পালি টীকা দিয়া সম্পূৰ্ণ কৰা হৈছে। এতিয়া কেৱল ৩৫ গৰাকী যোগ্য ব্যক্তিক প্ৰথম পালি দিবলৈ বাকী আছে অৰ্থাৎ নলবাৰীৰ ৯৯.৯% যোগ্য ব্যক্তিৰেই প্ৰথম পালি প্ৰতিষেধক প্ৰদান সুকলমে সম্পূৰ্ণ হৈছে। উল্লেখ্য যে-জনসংখ্যা ভিত্তিত চৰকাৰী ভাৱে নলবাৰী জিলাৰ টীকাকৰণৰ মুঠ লক্ষ আছিল ৫,৫১,৯০৯।এই অভিযানৰ সৈতে জড়িত প্ৰতি গৰাকী বিষয়া কৰ্মচাৰীৰ বিশেষকৈ আশা কৰ্মী সকলৰ পৰিশ্ৰম আৰু কৰ্তব্যপৰায়নতাৰ শলাগ লয় জিলা উপায়ুক্তই। Vaccination Observer বিজয়া চৌধুৰীয়েও এই অভিযানৰ সৈতে জড়িত প্ৰতি গৰাকী বিষয়া- কৰ্মচাৰীৰ নিজৰ কৰ্তব্যৰ প্ৰতি থকা দায়িত্ববোধৰ শলাগ লয় আৰু  নলবাৰী জিলাৰ এই অভিযান সঁচা অৰ্থত সফল হৈছে বুলি মন্তব্য কৰে। জিলা উপায়ুক্ত গীতিমনি ফুকনে সভাত উপস্থিত সকলোকে দ্বিতীয় পালি টীকা প্ৰদানৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ দক্ষতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Related Articles