অসমীয়াৰ বুকুৰ আপোন হিয়াৰ আমঠু স্বৰূপ ব’হাগীক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বগীজুলী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা সুৰভী নাৰ্জাৰীৰ । তেখেতৰ নেতৃত্বত চলি থকা ১০০ গৰাকী নাচনীৰ ১৫ দিনীয়া বিহু কৰ্মশালাৰ আজি ঢোলৰ গুমগুমনিৰে সফল সামৰণি পৰে । বিহালী সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনজাতিৰ বসতিৰ স্থল বগীজুলী অঞ্চল । সেই স্থানতে বগীজুলী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা সুৰভী নাৰ্জৰীৰ সাংস্কৃতিক মনে ৰূপায়ণ কৰিলে ১০০ গৰাকী স্থানীয় অসমীয়া, বড়ো, কাৰ্বি, বেঙ্গলী, নেপালী, মিচিং যুৱতীক বিহুৰ প্ৰশিক্ষণ দিয়াই গঢ়ি তুলিলে নাচনীৰূপত ।
সুৰভীৰ এনে প্ৰচেষ্টাক অঞ্চলবাসীয়ে শলাগ লৈছে। প্ৰায় তিনি শতাধিক বিহুবলিয়া ৰাইজৰ উপস্থিতিত সোমবাৰে বিহু কৰ্মশালাখনিৰ সফল সামৰণি ঘটে ।