Breaking

সফল মানুহে আনক নকয় এইবোৰ কথা! জীৱনত প্ৰগতি আৰু ধন লাভ কৰিবলৈ মনত ৰাখক এইসমূহ কথা…

0 18

আচাৰ্য চাণক্যৰ মতে যদি কোনো ব্যক্তিয়ে সফলতা লাভ কৰিব বিচাৰে তেন্তে কিছুমান কথা আছে যিবোৰ তেওঁ কেতিয়াও আনক ক’ব নালাগে। জীৱনত বহু সময়ত এনেকুৱা হয় যে বাৰে বাৰে চেষ্টা কৰিও এজন ব্যক্তিয়ে সফলতা লাভ নকৰে। তেওঁ বাৰে বাৰে বিফলতাৰ সন্মুখীন হয়। ইয়াৰ কাৰণ হ’ব পাৰে ব্যক্তিজনৰ নিজৰে কিছুমান ভুল। আনহাতে কোনবোৰ কথা আনক ক’ব নালাগে জানো আহকঃ

আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে সফলতা লাভ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। আনহাতে নিজৰ লক্ষ্যৰ বিষয়ে আন কাৰোবাক কোৱাটোৱে আপোনাক বিফলতাৰ পথত আগুৱাই লৈ যাব পাৰে। জীৱনত সফলতা লাভ কৰিবলৈ নিজৰ লক্ষ্যৰ কথা কাকো নকব, আনকি বন্ধু বা ঘনিষ্ঠকো নকব। মাত্ৰ লক্ষ্যত উপনীত হ’বলৈ মনে মনে চেষ্টা কৰি থাকিব।

আচাৰ্য চাণক্যৰ মতে যদি এজন ব্যক্তিয়ে সফলতা বিচাৰে তেন্তে তেওঁ কেতিয়াও নিজৰ দুৰ্বলতা কাকো কোৱা উচিত নহয়। যদি কোনো ব্যক্তিয়ে নিজৰ দুৰ্বলতাবোৰ আন কাৰোবাক কয়, তেন্তে কোনোবাই সেইবোৰ ব্যৱহাৰ কৰি আপোনাক সফল হোৱাত বাধা দিব পাৰে।

আচাৰ্য চাণক্যৰ মতে সফল হ’বলৈ এজন ব্যক্তিয়ে কেতিয়াও নিজৰ দক্ষতা কাকো ক’ব নালাগে আৰু কেনেকৈ সেই দক্ষতা আহৰণ কৰিলে সেই বিষয়েও ক’ব নালাগে। আপুনি সদায় নিজৰ দক্ষতা যোগ্য ব্যক্তিকহে ক’ব লাগে।

Leave A Reply