মুকালমুৱাৰ চতেমাৰী গাঁৱৰ কৃতি শিক্ষক উত্তম হালৈৰ আকস্মিক মৃত্যু

নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ চতেমাৰীত পুনৰ শিক্ষকৰ কৰুণ মৃত্যু ।

সকলোকে কন্দুৱাই চিৰদিনৰ বাবে অচিনা দেশলৈ গুচি গ’ল মুকালমুৱাৰ চতেমাৰী গাঁওৰ শিক্ষক উত্তম হালৈ । মুকালমুৱাৰ চতেমাৰী গাওঁৰ কৃতি শিক্ষক উত্তম হালৈৰ আকস্মিক মৃত্যু।কৃতি শিক্ষক গৰাকীৰ মৃত্যুত শোকৰ ছাঁ অঞ্চলজুৰি।

মুকালমুৱাৰ চতেমাৰী গাওঁৰ কৃতি শিক্ষক তথা সমাজ সেৱক উত্তম হালৈৰ আজি আকস্মিকভাৱে মৃত্যু ঘটে। প্ৰখৰ গৰমৰ বাবে অচেতন হোৱাত ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই শিক্ষক গৰাকীক। চিকিৎসালয়ত শিক্ষক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

কৃতি শিক্ষক উত্তম হালৈ চতেমাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত আছিল। ২০ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰিছিল। আৰু এবছৰ পূৰ্বে চৰকাৰী ভাবে স্বৃকৃতি লাভ কৰিছিল বিদ্যালয়খন। মৃত্যুৰ সময়ত শিক্ষক গৰাকীয়ে পত্নী সহ পুত্ৰ-কন্যা এৰি শেষ নিশ্বাস ত্যাগ কৰে। শিক্ষক হোৱাৰ উপৰিও উত্তম হালৈ এগৰাকী সমাজ কৰ্মী আছিল। এনে অমায়িক শিক্ষক উত্তম হালৈৰ । এই আকস্মিকভাৱে মৃত্যু হোৱাৰ ফলত চতেমাৰীৰ লগতে বৰক্ষেত্ৰী অঞ্চলত শোকৰ ছাঁ পৰে।

Related Articles