ডিঙিৰ বিষত ভুগিছে নেকি? এই অভ্যাস সমূহ ত্যাগ কৰক…

ডিঙিৰ বিষত ভুগিছে নেকি? এই অভ্যাস সমূহ ত্যাগ কৰক। ডিঙিত বিষ যিকোনো সময়তে হ’ব পাৰে, কিন্তু প্ৰায়ে দেখা যায় যে বিশেষকৈ ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কিছুমান অভ্যাস আছে যাৰ জৰিয়তে এই সমস্যা দূৰ কৰিব পাৰি। প্ৰায়ে মানুহে ৰাতিপুৱা সাৰ পাই ডিঙি বিষ বা গধুৰতা অনুভৱ কৰে, যাৰ বাবে তেওঁলোকে ডিঙি ভালদৰে বেঁকা কৰিব নোৱাৰে বা লৰচৰ কৰিব নোৱাৰে। ইয়াৰ উপৰিও কিছুমান লোকে মূৰৰ বিষৰ সমস্যাও অনুভৱ কৰে, যাৰ ফলত তেওঁলোকৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে ভুল পদ্ধতিৰে শোৱা। ঘৰতে কিছুমান সহজ পদ্ধতি গ্ৰহণ কৰি এই সমস্যা সমাধান কৰিব পাৰি-

ডিঙিৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব?

১) যদি আপুনি ডিঙি বিষৰ অনুভৱ হৈছে তেন্তে সেই ঠাইত আইচ পেক বা ঠাণ্ডা পানী লগাব পাৰে। এনে কৰিলে ডিঙিৰ পেশীৰ ফুলা সমস্যা নাইকিয়া হ’ব।

২) ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ হিট পেক ব্যৱহাৰ কৰিবও পাৰে। ইয়া দ্বাৰা ডিঙিৰ পেশীৰ বিষৰ পৰা উপশম পাব পাৰি।

৩) লাহে লাহে হাতেৰে ডিঙিত মালিচ কৰিলে ডিঙিৰ বিষ নোহোৱা হয়। পেশীৰ বিষো আঁতৰে, এনে পৰিস্থিতিত সৰিয়হ তেল আৰু নাৰিকল তেলৰ বাহিৰেও অন্য়ান্য তেলেৰে মালিচ কৰিব পাৰে।

৪) ডিঙিৰ বিষৰ পৰা হাত সাৰিবলৈ পেট পেলাই নুশুৱ।

৫) যদি ডিঙিত বিষ বাঢ়ি গৈ থাকে তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

Related Articles