নষ্টালজিয়াত পৰিণত হৈছে গৰু ব্যৱহাৰ কৰি কুঁহিয়াৰ পেৰা প্ৰথা।বৰজহাত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি কেইবা বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি এতিয়াও বলধ গৰুৰে কুঁহিয়াৰ পেৰি আহিছে কেইগৰাকীমান উদ্যোমী কৃষকে।(Sugarcane)
ছয় পো বাৰ নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি আপ্তবাক্য শাৰি প্ৰযোজ্য কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰত। বাৰ নাতি নোহোৱাৰ বাবেই মধ্য অসমৰ কৃষকে কুঁহিয়াৰ খেতি কৰিবলৈ এৰিলে নেকি? নিশ্চয় নহয়, প্ৰতিকুল পৰিৱেশ পৰিস্থিতিত পৰিহে মধ্য অসমৰ অৰ্থনীতিৰ ভেটি কুঁহিয়াৰ খেতি কৰাৰ পৰা বিৰত থাকিব লগা হৈছে কৃষক, নব্বৈৰ দশকৰ শেষৰভাগ সময়লৈকৈ নৈ পৰীয়া ঠাই সমূহৰ ওপৰিও আটি ঠাইৰ পথাৰ সমূহত ইখন গাৱঁৰ পৰা সিখন গাৱঁৰ মাজত বেৰাৰ দৰে হৈ পৰা কুঁহিয়াৰৰ পথাৰ দেখিবলৈ পোৱা নেযায় এতিয়া, কৃষকৰ কুঁহিয়াৰ পেৰা শাল এলাগী হৈ পৰিছে। কুঁহিয়াৰৰ ৰস,পোৰা কুঁহিয়াৰ, কেঁচা ৰহ পকা ৰহ, লিকটা, গৰম গুৰৰ জূতি লোৱা দিন বোৰ গ’ল। গাৱঁৰ ৯৫ শতাংশ লোকেই কুঁহিয়াৰ খেতি কৰিছিল, ঘেহু, মাহ, সৰিয়হ, তিছি আদি অৰ্থকৰী খেতিতকৈয়ো অধিক লাভজনক হিচাবে বিবেচিত মধ্য অসমৰ কৃষকৰ অৰ্থনীতিৰ ভেটি স্বৰুপ কুঁহিয়াৰ খেতিৰ পৰা বিৰত থাকিব লগা হৈছে কৃষক, গুড়ৰ বাবে বিখ্যাত ফুলগুৰি বজাৰত গুড়ৰ বজাৰ খন আছে যদিও ইয়াত বিক্ৰী হোৱা গুড় স্থানীয় কৃষকৰ উৎপাদিত গুড় নহয়।
তেনেসময়তে নগাঁও জিলাৰ দক্ষিণপাট বৰজহা গাঁৱত আজিও কেইজনমান উদ্যোমী কৃষকে কুঁহিয়াৰ খেতি কৰি বিশুদ্ধ গুড় প্ৰস্তুত কৰি আহিছে।বৰজহা উদ্যোমী কৃষক কেইজনে প্ৰায় ৫-৬ বিঘা মাটিত কুহিয়াৰ খেতি কৰি লাম্ভবিত হৈ আহিছে। উল্লেখযোগ্য যে, বৰ্তমান সময়ত সহজতে কুঁহিয়াৰ পেৰাৰ বাবে মেচিন ব্যৱহাৰ কৰা হয় কিন্তু বৰজহা অঞ্চলৰ
এই কেইগৰাকী কৃষকে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বৰ্তমানেও বলধ গৰু ব্যৱহাৰ কৰি কুঁহিয়াৰ পেৰি আহিছে। বৰ্তমানেও বৰজহা অঞ্চলত দেখিবলৈ পোৱা যায় বলধ গৰুৰে কুঁহিয়াৰ পেৰাৰ দৃশ্য। যি দৃশ্য এতিয়া দূৰ্লভ হৈ পৰিছে। বৰ্তমান সময়ত নষ্টালজিয়াত পৰিণত হৈছে গৰুৰে কুঁহিয়াৰ পেৰা দৃশ্য।