Breaking

দাৰিদ্ৰ্যৰ কৰুণ পৰিণতিত আত্মহত্যা ! নিজে সজা জুপুৰীত উদ্ধাৰ পিতৃ-কন্যাৰ অৰ্দ্ধগলিত মৃতদেহ

0 2,054

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত সাতচৈ গ্ৰান্ট বৰচাপৰিত পৰহি  বিয়লি  পিতৃ আৰু কন্যাৰ অৰ্দ্ধগলিত মৃতদেহৰ উদ্ধাৰৰ এক কৰুণ আৰু বিভৎস ঘটনাই সমগ্ৰ নাজিৰা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কালি গধূলি ঘটনাৰ বিষয়ে  নাজিৰা আদৰ্শ আৰক্ষী থানা অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয় । ঘটনাৰ বিৱৰণি মতে বিহাৰী বাক্তি (৫১) নামৰ লোকজনে বৰফুকন গাঁঁও পঞ্চায়তৰ  সাতচৈ গ্ৰান্ট বৰচাপৰি এলেকাত নিজে এডোখৰ মাটি বাচি লৈ এটি নৰাৰ জুপুৰী সাজি লৈ কন্যাৰ সৈতে বসবাস কৰি আহিছিল আৰু জীৱিকা হিচাপে অনিয়মীয়াকৈ হাজিৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল । সততে স্থানীয় লোকৰ সৈতে সংস্পৰ্শ নাৰাখি দূৰে দূৰে কাম কৰি ফুৰা লোকজনৰ কন্যা দেৱান্তী বাক্তি (১৪)য়েও এনেদৰে কিবা-কিবি কামত ঘূৰি ফুৰিছিল ।  পৰহি বিয়লি স্থানীয় লোকে হঠাৎ বিহাৰী বাক্তি আৰু দেৱান্তী বাক্তিৰ বাসগৃহটোৰ পৰা বিভৎস গোন্ধ ভাঁহি অহাৰ লগতে জুপুৰীটোৰ দুৱাৰত অজস্ৰ মাখিৰ সমাহাৰ দেখি সন্দেহত নাজিৰা আৰক্ষীক অৱগত কৰে । আত্মহত্যা বুলি সন্দেহ কৰা হোৱা ঘটনাত পিতৃৰ ওলমি থকা, মৃতদেহৰ কাষতে ১৪ বছৰীয়া কন্যাৰ মৃতদেহটো পৰি ৰৈছিল । জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰাইজৰ দ্বাৰা কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত সমাধিস্থ কৰা হয় । এই ঘটনাই সমগ্ৰ নাজিৰাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে ক্ৰমাৎ লকডাউন অভিমুখে গতি কৰা পৰিস্থিতিত এচাম লোকৰ দুবেলা দুমুঠি আহাৰ যোগাৰ  হোৱাটো যে বন্ধ হৈ পৰিব সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । স্থানীয় লোকৰ ভাষ্যমতে পূৰ্বতে নাজিৰাৰ ভিতৰুৱা অঞ্চল ধোবাবিলৰ ওচৰত বসবাস কৰা বিহাৰী বাক্তিয়ে বসবাস কৰা ভূমি বিক্ৰী কৰি পোনৰ বৰচাপৰিত থিতাপি লৈছিল । অৰুণোদয়, চৰকাৰী ৰেচন কাৰ্ড আদিৰ কোনো সুবিধা নোহোৱা অৱস্থাত পিতৃ-কন্যাই বহু সময়ত নিয়মীয়া খাদ্য খাবলৈ নেপাইছিল । স্থানীয় লোকে অভাৱ আৰু দাৰিদ্ৰ্যৰ বাবেই এই আত্মহত্যৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । 

Leave A Reply

Your email address will not be published.