Breaking

গোলাঘাটত চাওলুং চ্যুকাফাৰ স্থায়ী সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস পালন

0 1,254

 আজি চ্যুকাফা দিবস l সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো  আজি নগৰ খনৰ  মাজমজিয়াত অৱস্থিত  চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱসট  পালন কৰে । চাওলুং চ্যুকাফা দিৱসৰ স্থায়ী আয়োজক সমিতিৰ উদ্যোগত ,অনুষ্ঠিত হোৱা  এই দিৱসটি  পুৱা পতাকা উত্তোলন কৰি চ্যুকাফাৰ  প্ৰতিমূৰ্তিত বন্তি জ্বলাই তথা মাল্যাৰ্পনে কৰে গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  । ইয়াৰপিছতে প্ৰতিমূৰ্তিৰ সমীপত চ্যুকাফাৰ স্মৃতিত পূজা-অৰ্চনা অনুষ্ঠিত কৰা হয়। ১২২৮ খৃষ্টাব্দৰ  আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন ৰজা চাওলুং চ্যুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল।ইয়াৰপিছতে  অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে।প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব আগবঢ়াই গৈছে।বৰ অসম গঢ়াত অসম তথা বৃহৎ অসমীয়া জাতি গঢ়াত চ্যুকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

Leave A Reply

Your email address will not be published.