Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট ! শুকুৰৰ সৈতে শ্বুটিং কৰি ক’লে কৰিশ্মাই ?

শুকুৰ আলী আৰু কৰিশ্মা নাথৰ অনুৰাগীৰ বাবে ভাল খবৰ ! কিয়নো, অতি সোনকালে দুয়োকে একেলগে দেখিবলৈ পাব। দুয়ো বৰ্তমান ব্যস্ত নতুন প্ৰজেক্টৰ শ্বুটিঙত। শুকুৰ-কৰিশ্মাৰ উপৰিও আৰু বহুলোকে অভিনয় কৰিছে তেওঁলোকৰ নতুন প্ৰজেক্টত।(Sukur-Karishma)

নতুন প্ৰজেক্টৰ শ্বুটিঙৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। সেই ভিডিঅ’টোৰ পৰাই জানিব পৰা গৈছে তেওঁলোকৰ নতুন প্ৰজেক্টৰ বিষয়ে। অৱশ্যে তেওঁলোকৰ নতুন প্ৰজেক্টটো ছবি, চুটি ছবি নে মিউজিক ভিডিঅ’ এই সন্দৰ্ভত সঠিককৈ একো কোৱা নাই।

সেই ভাইৰেল ভিডিঅ’টোত হাজাৰ হাজাৰ কমেণ্ট অনুৰাগী আৰু সমালোচকৰ। কোনো কোনোৱে তেওঁলোকৰ সেই ভিডিঅ’টোত মৰম আৰু আশীৰ্বাদ দিছে যাতে তেওঁলোকে আগবাঢ়ি য়ায়। আনহাতে আন একাংশই তেওঁলোক দুয়োকে নানা অশ্লীল বাক্যৰে কমেণ্ট কৰিছে। ভাইৰেল ভিডিঅ’টো চাওক-

শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্টৰ সন্দৰ্ভত আপুনি কি ক’ব ?

Related Articles