Breaking

sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

27

চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক’লে মিডিয়াই কেতিয়াও মোৰ ভাল নিউজ নকৰে, ডিব্ৰুগড়ৰ কোনো এখন বিহু বা অনুষ্ঠানত মোক নামাতে, মই একদম কান্দিব বিচৰা নাই কিন্তু, মই বহুত Frustrated হৈ আছোঁ। (Sumi Borah cries again in front of camera)

অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পিছতে বিগত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ স্পিচিয়েল টাস্ক ফৰ্চে(STF) । বুধবাৰে সামাজিক মাধ্যমত কোনো এক অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাৰে আত্মসমৰ্পণ কৰিব বুলি অৱগত কৰাৰ পাছতে অসম আৰক্ষীৰ লগতে সংবাদমাধ্যম অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল।(Sumi Borah cries again in front of camera)

১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমি আৰু তাৰ্কিকক। পুৱা ৬:৩০ বজাত STFএ নিজৰ জিম্মাত লয় । চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কথা ‘X’ যোগে জনালে আৰক্ষীৰ ডিজিপি জি পি সিঙে। জি পি সিঙে ক’লে তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF।(GP Singh)

বৰ্তমান ডিব্ৰুগড় থানাত চুমি আৰু তাৰ্কিক। STF-এ আটক কৰি চমজাই দিয়ে ডিব্ৰুগড় আৰক্ষীক। চমজি লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে যাৱতীয় কাম-কাজ। (dibrugarh police)

আনহাতে আজি পুনৰ চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক’লে, ‘‘কোনো নিউজ চেনেল, স্পেচিয়েলী ডিব্ৰুগড়ৰ, কোনেও মোৰ আজিলৈ বাইট লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনেও নামাতে। ভাল নিউজ মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলো দেই, এইটো একদম লাষ্ট ষ্টেজত মই… অলপ… অলপ ওলাই গৈছে। মই বহু ফাষ্ট্ৰেটেড হৈ আছো।’’
এইদৰে চুমিয়ে কান্দি কান্দি মিডিয়া আৰু ডিব্ৰুগড়বাসীৰ ওপৰত ক্ষোভ উজাৰিলে।(sumi borah)



অনলাইন ট্ৰেডিঙৰ নামত জনসাধাৰণৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰাৰ অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলোৱা জেৰাৰ অন্তত আদালতে তেওঁক ন্যায়িক জিম্মত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । কিন্তু বিশালৰ অনলাইন ট্ৰেডিঙৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমীৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি চলাথ কৰিছিল কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনতো অভিযান চলাইছিল । অৱশেষত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ স্পিচিয়েল টাস্ক ফৰ্চে(STF) ।

লগতে পঢ়কঃ sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং

Comments are closed.