Breaking

Sumi Borah:পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…

42

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ এটা প্ৰায় ৪,০০০ কোটি টকীয়াৱ কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চুমি বৰাক আটক কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক কোনো বিশেষ সহযোগ কৰা নাই। ফলত চুমিক সহজে কৰায়ত্ব কৰাটো এতিয়া গুৱাহাটী আৰক্ষীৰ বাবে সহজ কথা নহ’ব বুলিও সূত্ৰটোৱে সন্দেহ প্ৰকাশ কপিছে। সূত্ৰটোৰ মতে চুমি বৰাক এতিয়া আৰক্ষীৰেই একাংশ লোকে কৌশলেৰে আটক নকৰাকৈ ৰাখিব বিচাৰিছে। সূত্ৰটোৱে লগতে এইবুলিও কয় যে চুমি বৰাক আটক কৰিব পাৰিলেই বহুতৰে মুখা খোল খাই যোৱাৰ ভয় আছে।

যদি চুমিয়ে মুখ খোলে তেন্তে বহু আমোলা- বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া, মন্ত্ৰী-বিধায়ক, সাংবাদিক, চিকিৎসকৰ মুখা খোল খাই পৰিব পাৰে। চুমিৰ স্বীকাৰোক্তিয়ে উদঙাই দিব পাৰে সেইসকল লোকৰ আৰ্থিকৰ লগতে ব্যক্তিগত চৰিত্ৰৰ বহু অন্ধাৰ দিশ। সেয়ে সূত্ৰটোৰ মতে চুমিক আটক নকৰাকৈ ৰাখিবলৈ সেই আমোলা- বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া, মন্ত্ৰী-বিধায়ক, সাংবাদিক,চিকিৎসকৰ চক্ৰটোৱে প্ৰাণপণে চেষ্টা কৰিছে। লক্ষ্যণীয় কথাটো হ’ল বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে চুমি বৰাৰ মোবাইল ফোনৰ লোকেচন পৰীক্ষা কৰিলেই চুমি সহজে ধৰা পৰিহেঁতেন, কিন্তু ৰহস্যজনক কাৰণত আৰক্ষীয়ে তেনে নকৰিলে।

লগতে পঢ়কঃ Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিশালক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰেই একাংশ লোকে চুমি বৰাক আত্মগোপন কৰিবলৈ সুবিধা কৰি দিছিল। এইক্ষেত্ৰত একাংশ সাংবাদিকেও ইংগিতপূৰ্ণ ফেচবুক পোষ্টৰ জড়িয়তে চুমি বৰাৰ দৰে প্ৰতাৰকসকলক নিৰ্দোষী সজাই অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা সকলকহে দোষী সজাইছে। অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত চুমি বৰা, স্বপ্ননীল, দীপাংকৰ, বিশাল আদিৰ কোনো দোষ নাই বুলি প্ৰতিপন্ন কৰিব বিচাৰি ওলোটাই ধন বিনিয়োগকাৰীসকলকহে ধোষী সজোৱাৰ কথাই বহুতকে নানান বিষয়ত সন্দেহ কৰিবলৈ বাধ্য কৰোৱাইছে। কাৰণ সেইগৰাকী সাংবাদিকৰ চৰকাৰৰ খবৰ নখ দৰ্পনত থাকে।

চৰককাৰৰ সকলো খবৰ প্ৰায়ে আগতীয়াকৈ পোৱা সেইগৰাকী সাংবাদিকৰ পোষ্টটো পোৱাৰ পিছত বহুতে এইবুলি কোৱা-কুই যে চুমি বৰা আৰু তেওঁৰ সংগীসকলৰ কাম ন্যায় সংগত বুলি প্ৰতিপন্ন কৰি চৰকাৰৰ ঘৰৰেই কোনোবাই চুমি বৰাহঁতক ধোৱা তুলসীৰ পাত সজাই বচাবলৈ চেষ্টা কৰিছে নেকি? এটা কথা মনকৰিবলগীয়া যে প্ৰায় ৪,০০০ কোটিটকীয়া অনলাইন ট্ৰেডিং কোম্পানীৰ কেলেংকাৰীত নিঃসন্দেহে কেৱল চুমি বৰা বা বিশাল ফুকনৰ দৰে লোকসকলেই হয়তো জড়িত নাই। এই কেলেংকাৰীত আঁৰ কাপোৰৰ আঁৰত থাকি আন কোনো প্ৰভাৱশালী লোকে বা লোকৰ সমষ্টিয়ে সমগ্ৰ চক্ৰটোক হয়তো পৰিচালনা কৰিছিল।

বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি সেই প্রভাৱশালী চক্ৰটোত আৰক্ষীৰ লোকো জড়িত থকাৰ পূৰ্ণঁ সম্ভাৱনা আছে। আৰক্ষীয়েই এতিয়া চুমি বৰাক পলুৱাই ৰাখিছে বুলি বহুতে সন্দেহ কৰিছে। অসম আৰক্ষীৰ এটা বিয়াগোম চাইবাৰ চেল আছে, চোৰাংচোৱা আছে। ইমানৰ পিছতো স্বপ্নীল দাস, চুমি বৰা, বিশাল ফুকনৰ দৰে লোকসকলে আৰক্ষীৰ চকুত ধূলি দি কিদৰে ইমান বিশাল কেলেংকাৰী সংঘটিত কৰিব পাৰিলে বুলিও বহুতে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। ট্ৰেডিং স্কুলৰ মাষ্টাৰ স্বপ্ননীল দাসে আৰক্ষীৰ নাকৰ তলতে অনলাইন ট্ৰেডিঙৰ স্কুল খুলি মানুহক প্ৰলোভিত কৰিছিল। তেনে স্কুল খোলাৰ ক্ষেত্ৰত নিঃসন্দেহে জিএমচিৰ পৰা ট্ৰেড লাইচেন্স এখন ল’ব লাগিব। ট্ৰেড লাইচেন্সত কি ব্যৱসায়, ব্যৱসায়ৰ প্ৰকৃতি আদি কথাবোৰ উল্লেখ থাকে। কিন্তু স্বপ্ননীল দাসৰ ক্ষেত্ৰত জিএমচি বা আৰক্ষীয়ে তেনে নিয়ম পালন কৰা নাছিল নেকি বুলিও এতিয়া বহুতে প্ৰশ্ন কৰিছে। বহুতে লগতে এইবুলিও কৈছে যে সাধাৰণ লোকৰ বেংকৰ একাউণ্টত কিবাকৈ অলপ ধন বেছিকৈ সোমালেই আয়কৰ বিভাগে জাননী জাৰি কৰে। কিন্তু স্বপ্ননীল দাসৰ দৰে প্ৰতাৰক সকলে লাখ লাখ টকীয়া বাইক, বিলাসী বাহন ক্ৰয় কৰাৰ পিছতো আয়কৰ ক’ত শুই আছিল বুলি এতিয়া বহুতেই প্ৰশ্ন কৰিছে। স্মননীল দাসৰ দৰে লোকসকলৰ এনে আকস্মিক আৰ্থিক উত্থানৰ বিষয়ে ডিজিপি জি পি সিং বা মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই একো গমেই পোৱা নাছিল নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। এনেবোৰ দিশে আৰক্ষীৰ দুৰ্বলতা আৰু ব্যৰ্থতাকে প্ৰমাণ কৰা বুলিও এতিয়া চৰ্চা হৈছে।

এইপ্ৰসংগতে ক’বা পাৰি- অন লাইন ট্ৰেডিং কোম্পানীৰ প্ৰতাৰণাৰ বিষয়ত কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নামত প্ৰচাৰিত জাননী খনক আৰক্ষী আয়ুক্তৰ তৰফৰ পৰাই ভুৱা বুলি কোৱা হৈছিল। কিন্তু তেতিয়াও জাননী খনক ভুৱা বুলি কৈয়েই আৰক্ষীয়ে হাত সাৱটি বহি আছিল। সেই বিষয়ত তেতিয়াৰে পৰাই কিয় তদন্ত নকৰিলে বুলিও ৰাজ্যৰ বহুতে প্ৰশ্ন কৰিছিল। তেনে জাননী ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতো আৰক্ষীৰ চাইবাৰ চেলে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ কথাই অসম আৰক্ষীৰ বিশ্বাসযোগ্যতাক সন্দেহৰ আৱৰ্তলৈ লৈ গৈছিল। এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই। বহুতে সেয়ে সন্দেহ কৰিছে আৰক্ষীৰ মাজৰে কোনোবা এই প্ৰতাৰক চক্ৰৰ সৈতে হয়তো চামিল হৈ আছে । লক্ষ্যণী. কথাটো হ’ল চুমি বৰাই স্বামী তাৰ্কিক বৰাৰ সৈতে শিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়তো চুমি আৰু তাৰ্কিকলৈ আৰক্ষীৰ পৰা ফোন অহা বুলি খোদ দীক্ষুৰ পত্নীয়েই সংবাদমাধ্যমৰ আগত কৈছে। সেই ফোন পোৱাৰ পিছতে স্বামীৰ সৈতে চুমি বতাহত মিলি গ’ল।

আৰক্ষীয়েই সেইদিনা চুমিক পলাবলৈ কোৱা নাছিলতো বুলি বহুতে প্ৰশ্ন কৰিছে। এনেবোৰ প্ৰশ্ন আৰু সন্দেহৰ মাজতে এতিয়া সকলোৱে বিচাৰিছে বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ। অসমৰ গৃহবিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ তদন্তৰ ব্যৱস্থা কৰি এনে প্ৰতাৰক চক্ৰৰ সৈতে আৰু কোন জড়িত আছে সেয়া চিনাক্ত কৰিবলৈ এতিয়া সচেতন মহলে দাবী জনাইছে। উল্লেখ্য পূৰ্বৰ একেধৰণৰ ঘটনাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিছতহে আৰক্ষী-চিআইডিৰ গা লৰিছিল। এইবাৰ তেনে হোৱাটোৱেই বিচাৰিছে সচেতন ৰাইজে।

আনহাতে আজি নুনমাটিত ওলাইছে চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধান। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান। এপাৰ্টমেণ্টটোৰ পাৰ্কিঙত আছে চুমিয়ে ব্যৱহাৰ কৰা বাহন। AS01FW 0006 নম্বৰ বাহনখন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।(sumi borah vehicle)

Comments are closed.