Breaking

Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ…

33

আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ। মহানগৰীৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযান, কিন্তু সন্ধান লাভ কৰা নাই ৰীলছ অভিনেত্ৰী চুমিৰ। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ৷(sumi borah)

চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল

ইতিমধ্যে চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক থানাত হাজিৰ হ’বলৈ ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰিছে৷ (Online Trading Scam)

লগতে পঢ়কঃ Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

ৰাজ্যত এতিয়া এটা চৰ্চিত নাম চুমি বৰা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে নৃত্যত পাকৈত অভিনেত্ৰী চুমি বৰাই বিয়াগোম আমোলা, আৰক্ষী বিষয়াকে ধৰি আন বহু হাই প্ৰফাইল লোকক অন লাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাবলৈ নানান কৌশল ব্যৱহাৰ কৰিছিল। (reels queen sumi borah)

আনহাতে বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য জানিলে আপুনি আচৰিত হ’বঃ(Property List)

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকক ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ


published by: munmi gogoi

Comments are closed.