Breaking

Online Trading Scam: তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা!

47

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰিছে বুলি খবৰ ওলাইছে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী। (tarkik borah) বৰ্তমান চুমি বৰাৰ কল হিষ্ট্ৰী নিৰীক্ষণ কৰিছে আৰক্ষীয়ে। আনহাতে চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ।(Online Trading Scam)

অসমত শেহতীয়াকৈ কেইবাটাও অনলাইন ট্ৰেডিং কোম্পানীয়ে বিনিয়োগকাৰীক পাভচোচা দি পলায়ন কৰাৰ পিছত স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰাৰ নাম সাঙোৰ খাইছে এনে জালিয়াতিৰ সৈতে। অভিযোগ অনুসৰি চুমী বৰা আৰু কোম্পানীয়ে অসমৰ বিনিয়োগকাৰীৰ পৰা ২০০০ কোটিৰো অধিক ধন আত্মসাত্‍ কৰিছে(Online Trading Scam)। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অভিনেত্ৰী চুমী বৰাই আত্মগোপন কৰিছে বুলি চৰ্চা চলিছে।

অভিযোগ অনুসৰি চুমী বৰাৰ আছে বহু হাই প্ৰফাইল লোকৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক। সেইবাবেই তেনে কেনো হাই প্ৰফাইল লোকৰ ডেউকাৰ তলতে চুমি বৰাই আত্মগোপন কৰা বুলি বহুতে এতিয়া সন্দেহ কৰিছে। অসমীয়া অভিনেত্ৰী চুমী বৰাৰ সন্ধানত গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান। কিন্তু চুমী বৰাৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। যেন বতাহৰ সৈতে মিলি গ’ল চুমী বৰা(Actress Sumi Bora)।

আৰক্ষীয়ে ইতিমধ্যে কোটি কোটি টকাৰ সৰকোৱাৰ অভিযোগত বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱক এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীৰ বেলতলাৰ এটা ফ্লেটত অভিযান চলাই যদিও চুমী বৰাক বিচাৰি নাপালে। আৰক্ষীয়ে সন্দেহ কৰিছে যে ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে চুমীয়ে পলায়ন কৰিছে(Assam Actress Sumi Bora Involved in Major Online Trading Scam) । চুমীৰ ফোনটোও চুইচ অফ হৈ আছে । চুমী বৰাৰ বিৰুদ্ধে ষ্টক মাৰ্কেট বিনিয়োগৰ জৰিয়তে বিনিয়োগকাৰীক ৬০ দিনৰ ভিতৰত ৩০% লাভৰ প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

ধৃত বিশাল ফুকনক আৰক্ষীয়ে কৰা দীঘলীয়া জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ মতে ফুকনে তেওঁৰ খুলশালীয়েক চুমি বৰাৰ বিয়াত এক কোটি টকাৰ ওপৰত ব্যয় কৰিছিল ।ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছত ডিব্ৰুগড়ৰ প্ৰবঞ্জলি এপাৰ্টমেণ্টত থকা তেওঁৰ ফ্লেটত আৰক্ষীয়ে অভিযান চলাই লেপটপ, মোবাইলকে আদি কৰি বহু সামগ্ৰী জব্দ কৰিছে যদিও সবিশেষ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা হোৱা নাই(Online Trading Scams in Assam) ।

২২ বছৰ বয়সত ফুকনে তিনিটা কোম্পানীৰে মালিক হোৱা বিশালে ডুবাইলৈ সঘনাই ভ্ৰমণ কৰিছিল । বিলাসী বাহন, আৰু ছ’চিয়েল মিডিয়াত হাই-প্ৰফাইল উপস্থিতি প্ৰমাণেৰে মানুহক প্ৰলোভিত কৰিছিল। তেওঁ মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল।

আৰ্থিক জালিয়াতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি ডিব্ৰুগড় আৰক্ষীয়ে অসমত শতাধিক লোকক আৰ্থিকভাবে প্ৰতাৰণা কৰা দুটা বৃহৎ বিনিয়োগ কেলেংকাৰী উন্মোচনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আৰক্ষীয়ে ২২ বছৰীয়া বিশাল ফুকনক আটক কৰাৰ দিনাই নিশাৰ ভাগত গুৱাহাটীৰ পৰা স্বপ্ননীল দাসকো গ্ৰেপ্তাৰ কৰে । দুয়োজনেই এই আৰ্থিক কেলেংকাৰীত জড়িত বুলি অভিযোগ উত্থাপন হৈছে ।

বিশাল ফুকনে ষ্টক মাৰ্কেট কেলেংকাৰীত প্ৰায় ২০০ ব্যক্তিৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে । ফুকনে ৩০ শতাংশ পৰ্যন্ত নিৰ্দিষ্ট ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল বুলিও জানিব পৰা গৈছে । তেওঁৰ দাবীক বিশ্বাসযোগ্যতা প্ৰদান কৰিবলৈ ফুকনে ৰিটাৰ্ণৰ নিশ্চয়তা প্ৰদান কৰা নটাৰীকৃত নথি-পত্ৰ প্ৰদৰ্শন কৰা বুলি অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ফুকনে বিনিয়োগকাৰীসকলক তেওঁলোকৰ ধন তেওঁৰ ব্যক্তিগত বেংক একাউণ্টত জমা কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু প্ৰতিশ্ৰুতি দিয়া ৰিটাৰ্ণসমূহ গৰিষ্ঠসংখ্যক বিনিয়োগকাৰীয়ে লাভ নকৰিলে। খবৰ অনুসৰি প্ৰতিশ্ৰুতি দিয়া ৰিটাৰ্ণৰ এটা অংশহে প্ৰদান কৰা হৈছিল, আনহাতে মূলধনী ধন পৰিশোধ নকৰাকৈয়ে আছে। তাৰোপৰি ফুকনে তেওঁ নিজৰ নামত চাৰিটা কোম্পানী পঞ্জীয়ন কৰিছিল, যিবোৰ এতিয়া তদন্তৰ অংশ হিচাপে নিৰীক্ষণৰ আওতাত আছে।

একেদৰে গুৱাহাটীৰ বেলতলা অঞ্চলত স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ব্লেক ষ্টোন ট্ৰেডিং এপ নামৰ আন এটা অনলাইন ট্ৰেডিং এপ চলাইছিল(Black Stone Trading App)। এই এপটো ব্যৱহাৰ কৰি বিনিয়োগকাৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰিছিল দাসে। আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰাৰ সময়ত দুখন বিলাসী বাহন জব্দ কৰে, যিবোৰ কেলেংকাৰীৰ জৰিয়তে লাভ কৰা ধনেৰে ক্ৰয় কৰা বুলি অনুমান কৰা হৈছে।

অসমত অনলাইন ট্ৰেডিঙৰ প্ৰতি বহুতৰে আগ্ৰহ বৃদ্ধি হোৱা কথাটোক চুমী বৰাৰ দৰে লোকসকলে অস্ত্ৰ হিচাবে লৈ বহু লোকক প্ৰতাৰণা কৰি গৈছিল বুলি এতিয়া চৰ্চা হৈছে।

published by: munmi gogoi

Comments are closed.