Breaking

sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং

22

গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক, ডিজিপি জি পি সিঙে ক’লে – খেল শেষ।১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)

চুমি বৰা আৰু তাৰ্কিক বৰা দুয়ো আৰক্ষীৰ জালত পৰে। ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত বাহনসহ আটক কৰে চুমি-তাৰ্কিক। আৰক্ষীয়ে ১২দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা চুমি-তাৰ্কিক।(sumi-tarkik arrested)

১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমি আৰু তাৰ্কিকক। পুৱা ৬:৩০ বজাত STFএ নিজৰ জিম্মাত লয় । চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কথা ‘X’ যোগে জনালে আৰক্ষীৰ ডিজিপি জি পি সিঙে। জি পি সিঙে ক’লে তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF।

ডিব্ৰুগড় সদৰ থানাত নিশাই চুমী বৰা আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলি থকাত ওৰেটো নিশা প্ৰতিটো সাংবাদ মাধ্যমৰ সংবাদকৰ্মী ডিব্ৰুগড় সদৰ থানাত উপস্থিত আছিল ৷ কিন্তু আত্মসমৰ্পণৰ বাবে থানালৈ নাহিল চুমী আৰু তাৰ্কিক ।

কিন্তু আজি পুৱা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত বাহনসহ আটক কৰে চুমি-তাৰ্কিক। তেওঁলোকক আটক কৰাৰ পাছতে আৰক্ষী বিভাগৰ এজন উচ্চ পদস্থ বিষয়া ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছেহি । লগত যাৱতীয় নথি-পত্ৰ, সা-সামগ্ৰীসমূহ লৈ অহা হৈছে । সেই সামগ্ৰী সমূহ চুমী আৰু তাৰ্কিকৰ সামগ্ৰী বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় সদৰ থানালৈ আজি দুয়োকে আনি জেৰা চলোৱাৰ সম্ভাৱনা আছে। এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে এই ঘটনাৰ সঠিক ৰহস্য পোহৰলৈ আহিব।

লগতে পঢ়কঃ Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত জনসাধাৰণৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰাৰ অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলোৱা জেৰাৰ অন্তত আদালতে তেওঁক ন্যায়িক জিম্মত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । কিন্তু বিশালৰ অনলাইন ট্ৰেডিঙৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমীৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি চলাথ কৰিছিল কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনতো অভিযান চলাইছিল । অৱশেষত প্ৰায় ১০ দিনৰ অন্তত নিজেই আৰক্ষীৰ হাতত ধৰা দিবলৈ ওলাই আহিল চুমী-তাৰ্কিক ৷

Comments are closed.