লতাশিল খেল-পথাৰত ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালা…

ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালা। বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয় গৰমৰ বন্ধ। গৰমৰ বন্ধ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালিন কৰ্মশালা।

সমান্তৰালকৈ গুৱাহাটীৰ লতাশিল খেল-পথাৰতো ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালা। এই কৰ্মশালা দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। প্ৰায় অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ এই কৰ্মশালাখনিত। উক্ত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ কোচিং ইন-চাৰ্জ সহ চিইঅ’ হৈছে মহম্মদ কাছিম আলী। আনহতে মুখ্য কো’ৰ্চাৰ হৈছে সুমিত নাগ। আন আন কো’ৰ্চাসকল হৈছে মহম্মদ পাৰ্ভেজ আলি, ধীৰাজ কুমাৰ দাস, প্ৰিতাম্বৰ জুচি, লক্ষ্মণ চৌধুৰী।

Related Articles