অপেক্ষা আৰু দীঘলীয়া হৈ পৰিল। সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহয়োগী বৰ্তমান পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। মহাকাশযানখনৰ যান্ত্ৰিক সমস্যাৰ বাবে তেওঁলোকক পৃথিৱীলৈ উভতাই অনা কাৰ্য পুনৰ পিছুৱাই দিয়া হৈছে।(Sunita Williams) মহাকাশযানখনৰ যান্ত্ৰিক সমস্যাৰ বাবে তেওঁলোকক পৃথিৱীলৈ উভতাই অনা কাৰ্যক পিছুৱাই দিয়া হৈছে। যান্ত্ৰিক সমস্যা সমাধান কৰি সুনীতা আৰু তেওঁৰ সহযোগীসকলক ঘূৰাই আনিবলৈ পুনৰ কেতিয়া মহাকাশযানখনে উৰা মাৰিব সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ উদ্যোগপতি ইলন মাস্কৰ কোম্পানী স্পেচএক্সে সেই কাম ক্ষিপ্ৰতাৰে কৰিবলৈ চেষ্টা কৰিছে।(Sunita Williams)
#Crew10 status: NASA and SpaceX are standing down on the March 12 launch attempt.
— NASA (@NASA) March 12, 2025
Watch the mission blog for updates, including a revised launch date and time. https://t.co/PjgAZaWWAo
যোৱা বছৰৰ ৫ জুনত মহাকাশলৈ গৈছিল আমেৰিকাৰ মহাকাশচাৰী সুনীতা আৰু বুচ উইলম’ৰ। যোৱা মাহত নাছাই সুনীতাক ঘূৰাই অনাৰ কথা থকা মহাকাশযান ক্ৰু-১০ৰ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছিল। ১২ মাৰ্চত সুনীতাক ঘূৰাই অনাৰ বাবে মহাকাশ যানখনে মহাকাশলৈ যাত্ৰা কৰিব বুলি খবৰ ওলাইছিল। ইয়াত আৰু চাৰিজন মহাকাশচাৰী থাকিব। নাছাৰ এন্নে মেকলেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভ ক্ৰু ১০ত মহাকাশলৈ যাব। তেওঁলোকৰ গৱেষণামূলক কামৰ বিষয়ে ব্যাখ্যা কৰি একেখন মহাকাশযানতেই পুনৰ পৃথিৱীলৈ উভতি আহিব সুনীতা।
কিন্তু নাছা আৰু স্পেচএক্সে ঘোষণা কৰে যে যান্ত্ৰিক সমস্যাৰ বাবে ফেলকন ৯ মহাকাশযানৰ উৎক্ষেপণ স্থগিত ৰখা হৈছে। মহাকাশচাৰীসকলক ঘূৰাই অনাৰ বাবে মহাকাশযানখন কেতিয়া আৰু কোন সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে কাৰিকৰী ত্ৰুটি শুধৰাই অতি সোনকালে কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি জনোৱা হৈছে।
সুনীতা উইলিয়ামছ যোৱা বছৰৰ ৫ জুনত মহাকাশলৈ গৈছিল। মাত্ৰ আঠ দিনৰ ভিতৰতে তেওঁলোক পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু আঠ দিনীয়া এই যাত্ৰা যে ১০ মাহতকৈ অধিক সময় ধৰি চলিব সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল। সুনীতাই মহাকাশলৈ যোৱা বয়িং ষ্টাৰলাইনাৰখন উৎক্ষেপণৰ কিছুদিন পিছতে যান্ত্ৰিক বিজুতি ঘটিছিল। সেয়েহে আমেৰিকাৰ সংস্থাটোৱে তেওঁলোকক সেই মহাকাশযানখনলৈ ঘূৰাই অনাৰ ৰিস্ক লোৱা নাছিল। ফলত মহাকাশচাৰী দুগৰাকী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ পৰে। পৰৱৰ্তী সময়ত নাছাই সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগীসকলক উভতাই আনিবলৈ ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ সহায় লয়।