Sunita Williams’After Returning To Earth ।২০২৪ চনৰ ৫ জুনত নাছাৰ নতুন ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত উঠি মহাকাশলৈ যাত্ৰা কৰিছিল সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত উভতি আহিবলৈ আশা কৰা হৈছিল যদিও, মহাকাশ কেন্দ্ৰলৈ যোৱাৰ পথত বহুতো সমস্যা সৃষ্টি হয়। যাৰ ফলত তেওঁলোকৰ পৃথিৱীলৈ উভতি অহাৰ সময় দীৰ্ঘদিনৰ বাবে পিছুৱাই দিয়া হয়। অবশেষত ২০২৫ চনৰ ১৯ মাৰ্চ বুধবাৰে পুৱতি নিশা মহাকাশচাৰীসকলে পৃথিৱীত উপস্থিত হয়।

স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ সহায়ত ক্ৰু-৯ মহাকাশচাৰীসকলে সফল অৱতৰণ কৰে। মহাকাশচাৰীসকলক ষ্ট্ৰেচাৰত উঠাই কেপচুলৰ পৰা আঁতৰাই দিয়া হয়, যি দীৰ্ঘকালীন মহাকাশ অভিযানৰ পৰা উভতি অহা সকলো মহাকাশচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য।
আমেৰিকাৰ স্থানীয় সময় অনুসৰি সোমবাৰ-মঙলবাৰৰ মাজ নিশা ১ বজাৰ পিছত কেপচুলটো আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হয় আৰু ৫:৫৭ বজাত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে (ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩:২৭ বজাত)। এই অৱতৰণৰ লগে লগে চাৰিওফালে কেইবাটাও ডলফিনে সাঁতুৰি মহাকাশচাৰীসকলক উষ্ম আদৰণি জনায়।
উল্লেখযোগ্য যে, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ লগতে নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ’ৰবুনভ এই অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁলোক ৯ মাহৰ পাছত পৃথিৱীত উপস্থিত হয় আৰু মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিবলৈ ১৭ ঘণ্টা সময় লাগিছিল।
অৱতৰণৰ সময়ত মহাকাশযানখনে ১৬৫০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপ সহ্য কৰে, যাৰ ফলত কিছু সময়ৰ বাবে যোগাযোগ বন্ধ হৈছিল। অৱশেষত, ফ্ল’ৰিডাৰ উপকূলত সফলভাৱে অৱতৰণ কৰে আৰু মহাকাশচাৰীসকলে পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ উশাহ লয়।