Sunita Williams Hair: মহাকাশত সুনীতা উইলিয়ামছে চুলিৰ যত্ন কেনেকৈ লৈছিল! মহাকাশচাৰীয়ে কেনেকৈ চুলি ধুৱে ?

নাছাৰ ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ প্ৰায় ৯ মাহৰ অন্তত মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছে। মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে চুলি ধুৱে জানো আহক।(Sunita Williams Hair)

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগীসকল প্ৰায় ৯ মাহৰ পিছত পৃথিৱীলৈ উভতি আহিছে। নাছাৰ তথ্য অনুসৰি ২০২৫ চনৰ ১৮ মাৰ্চৰ সন্ধিয়া সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে পৃথিৱী পাবহি। ২০২৪ চনৰ জুন মাহত দুয়োজন মহাকাশচাৰীয়ে আঠ দিনীয়া মহাকাশ ভ্ৰমণলৈ গৈছিল যদিও মহাকাশযানখনৰ বিজুতিৰ বাবে তেওঁলোকৰ ভ্ৰমণ ৯ মাহলৈ বৃদ্ধি পায়। দুয়োজনেই ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিল। কিন্তু দুয়োজন মহাকাশচাৰীকে পৃথিৱীলৈ ঘূৰাই অনা হৈছে। দীৰ্ঘ সময়ৰ বাবে নিজকে পৰিষ্কাৰ আৰু ঠাইখিনিত ফিট কৰি ৰখাটো অত্যন্ত কঠিন। আহকচোন সুনীতা উইলিয়ামছে মহাকাশত কেনেদৰে চুলিৰ যত্ন লৈছিল জানো?

বেছিভাগ মানুহৰে মনলৈ অহা প্ৰশ্নটো হ’ল মহাকাশচাৰীসকলে চুলিৰ যত্ন ল’বলৈ কি কৰে। আচলতে মহাকাশত মাইক্ৰ’গ্ৰেভিটি আছে। ইয়াৰ বাবে চুলি স্বাভাৱিকভাৱে সৰি নাযায়।


বহুতৰে মনলৈ অহা প্ৰশ্নটো হ’ল সুনীতা উইলিয়ামছে কিয় চুলি মেলি ৰাখে। আচলতে মহাকাশত কোনো মাধ্যাকৰ্ষণ শক্তি নাই বৰঞ্চ মাইক্ৰ’গ্ৰেভিটিহে আছে। ইয়াৰ বাবেই চুলিবোৰ তললৈ নমাই আনিব নোৱাৰে। সেয়েহে তেওঁলোকে চুলি বান্ধি লোৱাৰ প্ৰয়োজন নাই।

মহাকাশচাৰীসকলে মহাকাশত চুলি পৰিষ্কাৰ কৰিবলৈ ন’-ৰিন্স শ্বেম্পু ব্যৱহাৰ কৰে। এই চেম্পুত পানী ব্যৱহাৰৰ প্ৰয়োজন নাই। ই স্প্ৰে’ৰ দৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৰ্দ্ৰতা আঁতৰোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে, যাৰ বাবে চুলি উৰুৱাই শুকুৱাই লোৱাৰ প্ৰয়োজন নাই। চুলি সদায় শুকান হৈ থাকে।

Related Articles