Breaking

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

47

সুনীতা আৰু বুচ উইলমৰে কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ। মহাকাশ আস্থানতে থাকি গ’ল সুনীতা উইলিয়ামছ আৰু আন এগৰাকী মহাকাশচাৰী। বয়িং ষ্টাৰলাইনাৰে শনিবাৰে পুৱা ৯:৩১ বজাত নিউ মেক্সিকোৰ হোৱাইট ছেণ্ডছ স্পেচ হাৰ্বাৰত অৱতৰণ কৰে। মহাকাশযানখনৰ অৱতৰণৰ দৃশ্য আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে। মন কৰিব যে সুনীতা আৰু বুচ উইলমৰে এই কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

খবৰ অনুসৰি শনিবাৰে পুৱা ৮.৫৮ বজাত ব্যক্তিগত মহাকাশযান ষ্টাৰলাইনাৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইয়াৰ পিছত মাটি স্পৰ্শ কৰিবলৈ আৰু ৪৪ মিনিট সময় লাগে। ইয়াৰ পিছত এটা এটাকৈ ৩ টা পেৰাচুট খুলি দিয়া হয়। যাতে ই যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি লাহে লাহে পৃথিৱীৰ মাটি স্পৰ্শ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে মহাকাশৰ পৰা পৃথিৱীলৈ নামি অহাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মুঠ ৬ ঘণ্টা সময় লাগে। কিন্তু বাহনখন পৃথিৱীলৈ উভতি আহিলেও সুনীতা আপাততঃ মহাকাশত আবদ্ধ হৈ থাকিল। অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোক পৃথিৱীলৈ ঘূৰি আহিব পাৰিব বুলি আশা কৰা হৈছে।

মন কৰিবলগীয়া যে ৫ জুনত বয়িং ষ্টাৰলাইনাৰ (Starliner) কেপচুলত উঠি মহাকাশলৈ গৈছিল সুনীতা আৰু বুচ। তেওঁলোকৰ গন্তব্যস্থান আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। কোৱা হৈছিল যে তেওঁলোকে ৮ দিনত কাম সম্পূৰ্ণ কৰি পৃথিৱীলৈ ঘূৰি আহিব। কিন্তু ইয়াৰ মাজতে ষ্টাৰলাইনাৰত এটা বিজুতি ধৰা পৰাত পৰিকল্পনাটো স্তব্ধ হৈ পৰে। দেখা গৈছিল যে মহাকাশযানখনৰ থ্ৰাষ্টাৰে কাম কৰা নাই। হিলিয়াম গেছ লিক হৈ আছে। মহাকাশচাৰী দুগৰাকীয়ে এনে অৱস্থাত পৃথিৱীলৈ ঘূৰি নাহিবলৈ সিদ্ধান্ত লৈছিল।

এনে পৰিস্থিতিত যোৱা শুকুৰবাৰে মহাকাশচাৰী দুজনে ষ্টাৰলাইনাৰক বিদায় দিয়ে। তেওঁলোকে এই বাৰ্তা দিলে, ‘ষ্টাৰলাইনাৰক পুনৰ পৃথিৱীলৈ লৈ যাওক। সকলো ভাল হওক।’ অৱশেষত ষ্টাৰলাইনাৰে সুনীতা আৰু বুচক মহাকাশত এৰি পৃথিৱীলৈ উভতি আহে (Wilmore) । ইফালে নাছাই ফেব্ৰুৱাৰী মাহত সুনীতা আৰু বুচক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ পৰা এখন বাহন প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেতিয়ালৈকে এই দুগৰাকী আমেৰিকান মহাকাশচাৰী সুনীতা আৰু বুচে মহাকাশত গৱেষণাৰ কাম আৰু আগুৱাই নিব।

published by: Jebin Sultana

Comments are closed.