Sunita Williams: সুনীতা উইলিয়ামছৰ পৰিয়ালঃ ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট! তেওঁলোকৰ প্ৰেম কাহিনীও বিশেষ

বুধবাৰে পুৱা ৩:২৭ বজাত (ভাৰত সময় অনুসৰি) মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ সৈতে ফ্ল’ৰিডা মহাসাগৰত অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স মহাকাশযান ‘ড্ৰেগন ফ্ৰিডম’ত।(Sunita Williams)

তাৰপিছতে বাহনখনৰ ভিতৰৰ কেপচুলৰ পৰা সুনীতা আৰু বুচ এজন এজনকৈ হাঁহি হাঁহি ওলাই আহিল। মহাকাশত ২৮৬ দিন কটাই পৃথিৱীলৈ ঘূৰি অহাত সমগ্ৰ বিশ্ব আনন্দিত।


বহুতৰে হয়তো সুনীতা উইলিয়ামছৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ ইচ্ছা। গতিকে জানক সুনীতা উইলিয়ামছৰ পৰিয়াল আৰু স্বামীৰ বিষয়ে জানিবলগীয়া সকলো কথা-


কেপচুলৰ পৰা ওলাই অহাৰ পিছত সুনীতা আৰু বুচ উইলম’ৰ পোনে পোনে হিউষ্টন জনছন স্পেচ চেণ্টাৰলৈ লৈ যোৱা হয়। তাত থকা ক্ৰু কোৱাৰ্টাৰত সুনীতাৰ বৰ্তমানৰ ঠিকনা।

সুনীতাৰ ‘হোমকামিং’ৰ পিছত সমগ্ৰ বিশ্বতে এক আনন্দৰ জোৱাৰ। ইফালে তেওঁৰ পৰিয়ালক লৈ নতুন কৌতুহলৰ সৃষ্টি হৈছে।


সুনীতাৰ পূৰ্বপুৰুষৰ ঘৰ গুজৰাটৰ ঝুলাছানত। তেওঁৰ পিতৃ দীপক পাণ্ডিয়া পেছাত চিকিৎসক আছিল। দীপকে ১৯৫৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট ছায়েন্স (আই এছ) ডিগ্ৰী লাভ কৰি ১৯৫৭ চনত এম ডি সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়।


১৯৬৪ চনত দীপকে কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্চিটিৰ এনাটমী বিভাগত গৱেষক হিচাপে যোগদান কৰে। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বিভিন্ন চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানত দীৰ্ঘদিন কাম কৰিছিল।


আমেৰিকালৈ যোৱাৰ পিছত দীপকে স্লোভেনিয়ান-আমেৰিকান উৰ্চুলিন বনি জালোকাৰক লগ পায়। বন্ধু হৈ পৰে। লাহে লাহে বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। ইয়াৰ পিছত দুয়োৰে বিয়া হয় আৰু তেওঁলোকৰে সন্তান সুনীতা উইলিয়ামছ।


২০২০ চনত আমেৰিকাত মৃত্যু হয় দীপকৰ। ইয়াৰ পূৰ্বে তেওঁ জীয়েকৰ মহাকাশ উৰণ চাইছিল। আনকি সুনীতাৰ মাতৃয়েও তেওঁক লৈ গৌৰৱ কৰে।

মহাকাশত থকা সময়ছোৱাত যেতিয়া সমগ্ৰ বিশ্বই সুনীতাক লৈ চিন্তিত হৈ পৰিছিল, তেতিয়া তেওঁৰ মাতৃ উৰ্চুলিনে এক সাক্ষাৎকাৰত কৈছিল, “এই কামটো মহাকাশচাৰীসকলে কৰে। তেওঁলোকে এই কাম কৰি ভাল পায় আৰু ইমান দীঘলীয়া অভিযানত যাবলৈ পাই তেওঁলোকে সন্মানিত অনুভৱ কৰে।” গতিকে এইটো বা আন কিবা এটা লৈ মই কেনেকৈ দুখী হ’ম? “মই তেওঁৰ বাবে সুখী।”


৫৯ বছৰীয়া আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন অধিনায়ক তথা নাছাৰ মহাকাশচাৰী সুনীতা সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি অস্বাভাৱিক প্ৰৱণতা আছিল। আমেৰিকাৰ নৌসেনাৰ একাডেমী ভ্ৰমণৰ পিছত তেওঁ সেই দিশৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। অৱশ্যে তেওঁৰ শৈশৱৰ সপোন আছিল পশু চিকিৎসক হোৱা।

১৯৯৮ চনত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হোৱা সুনীতাই জনছন মহাকাশ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল। ২০০৬ চনৰ পৰা সুনীতাই একাধিকবাৰ মহাকাশ অভিযানত নামিছে। মহাকাশত খোজ কঢ়াৰ অভিলেখো তেওঁৰ আছে। সুনীতাই ভাৰত ভ্ৰমণো কৰিছিল। ভাৰততো তেওঁ কেইবাটাও সন্মান লাভ কৰিছে।

মাইকেল জে উইলিয়ামছৰ সৈতে সুনীতাৰ বিবাহ হৈছিল। মাইকেল আমেৰিকাৰ এজন ফেডাৰেল মাৰ্শ্বাল। সুনীতা আৰু স্বামী দুয়োৰে হেলিকপ্টাৰ চলোৱাৰ অভিজ্ঞতা আছে।


সেনাবাহিনীত হেলিকপ্টাৰ পাইলট হিচাপে কাম কৰি থকাৰ সময়তে সুনীতাই মাইকেলক লগ পাইছিল। এক প্ৰতিবেদন অনুসৰি ১৯৮৭ চনত মেৰিলেণ্ডৰ এনাপলিছৰ নেভাল একাডেমীত তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল। পিছলৈ তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ গঢ় লৈ উঠিছিল। তাৰপিছতে দুয়ো বিবাহপাশত আৱদ্ধ হৈ পৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাইকেল হিন্দু ধৰ্মত বিশ্বাসী। ২০২৪ চনৰ আগষ্ট মাহত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পত্নীৰ বিষয়ে কোৱাৰ সময়ত মাইকেলে কয় যে, “স্পেচ হৈছে সুনীতাৰ সুখৰ ঠাই।”


যোৱা বছৰৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰে সুনীতাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল। আঠদিনীয়া ভ্ৰমণলৈ গৈছিল। কিন্তু মহাকাশযানখনত যান্ত্ৰিক বিজুতি ঘটে। ফলত সুনীতা তাতেই আবদ্ধ হৈ পৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকক পৃথিৱীলৈ ঘূৰাই অনাৰ একাধিক প্ৰচেষ্টা চলি আচিল। কিন্তু বাৰে বাৰে বিফল হৈছিল। আঠ দিনীয়া এই ভ্ৰমণ ৯ মাহলৈ বৃদ্ধি হ’ল। ইয়াৰ পিছতে বুধবাৰে পুৱাই মহাকাশচাৰীসকলে আটলাণ্টিক মহাসাগৰৰ ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰে। সুকলমে সকলো পৃথিৱীলৈ ঘূৰি আহিল।

Related Articles