Foreigners’ identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

নতুন দিল্লী, ১৭ অক্টোবৰ: বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ(Foreigners’ identification in Assam) । ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায় ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পাঁচজনীয়া বিচাৰপীঠৰ চাৰিগৰাকীয়ে ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষে ৰায় প্ৰদান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ভিত্তিবৰ্ষ ১৯৫১ চনৰ সপক্ষে ৰায়দান কৰে ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পাঁচজনীয়া বিচাৰপীঠৰ চাৰিগৰাকীয়ে ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষে ৰায় প্ৰদান কৰে যদিও জে বি পাৰ্দিৱালাই ভিত্তিবৰ্ষ ১৯৫১ চনৰ সপক্ষে ৰায় প্ৰদান কৰিছিল ।

অৱশ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ধাৰা 6Aৰ সাংবিধানিক বৈধতাকে বাহাল ৰাখে । নাগৰিকত্ব আইনৰ ধাৰা 6A – এই ধাৰাই বিদেশী ভূখণ্ড, বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰৰ সময়চোৱাত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

Related Articles