Supreme Court Summons Assam Chief Secretary: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞাৰ অভিযোগেৰে অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ চমন

গুৱাহাটী, ২২ অক্টোবৰ: অসমৰ চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ধন পৰিশোধ কৰাত ব্যৰ্থ অসম চৰকাৰ ব্যৰ্থ হৈছে । যাৰ বাবে অসম চৰকাৰক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে তীব্ৰ সমালোচনা । এই গোচৰটোৰ প্ৰসংগত অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে চমন জাৰি কৰিছে(Supreme Court Summons Assam Chief Secretary) ।

ন্যায়াধীশ অভয় এছ ওকা আৰু আগষ্টিন জৰ্জ মাছিহৰ দুজনীয়া বিচাৰপীঠে অসমৰ মুখ্য সচিবগৰাকীক পৰৱৰ্তী শুনানিত ন্যায়ালয়ত শাৰীৰিকভাৱে উপস্থিত থাকিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ধন পৰিশোধ(Assam Tea Workers’ Dues) কৰিবলৈ কোনো আন্তৰিক প্ৰচেষ্টা নকৰাৰ অভিযোগেৰে অসম চৰকাৰক তীব্ৰ সমালোচনাও কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ।

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ ওকাই অসম চৰকাৰক জবাবদিহি কৰি কয়, “অসমৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ(Assam tea garden workers) প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ কিয় আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰা হোৱা নাই ?”

ইফালে অসম চৰকাৰৰ অধিবক্তাগৰাকীয়ে যেতিয়া ন্যায়ালয়ে মুখ্য সচিবলৈ চমন দিয়া এই নিৰ্দেশনাক কঠোৰ বুলি উল্লেখ কৰে, তেতিয়া ন্যায়াধীশ ওকাই ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “আমি দৰিদ্ৰ শ্ৰমিকসকলৰ প্ৰাপ্যৰ বাবে মোকাবিলা কৰি আছো । যেতিয়ালৈকে আমি কঠোৰ নহওঁ, তেতিয়ালৈকে একোৱেই কাম নহয় । আপুনি উল্লেখ কৰা এই উদ্বেগক আমি মানি লৈছোঁ; কিন্তু এয়া নিত্যান্তই প্ৰয়োজনীয় ।”

ইফালে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক পৰিশোধ কৰিবলগীয়া পুঁজি মুকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰে । ইতিমধ্যে ন্যায়ালয়ে কেন্দ্ৰীৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়কো জাননী জাৰি কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে, ২০২৩ বৰ্ষতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক ৬৪৫ কোটি টকা পৰিশোধ কৰিবলৈ এক নিৰ্দেশ প্ৰদান কৰিছিল । ভৱিষ্য নিধিৰ (Provident Fund) অৱদানৰ কথা বিবেচনা কৰি ন্যায়ালয়ে চাহ আইনৰ অধীনত ৰাজ্যখনৰ ২৫ খন চাহ বাগিচাৰ প্ৰায় ২৮,৫৫৬ গৰাকী শ্ৰমিকক সামৰি লৈ প্ৰাপ্য ধনসমূহ পৰিশোধ কৰিবলৈ এই নিৰ্দেশ জাৰি কৰিছিল । ইয়াৰে ১৫ খন চাহ বাগিচা চৰকাৰী অৰ্থাৎ অসম চাহ কোম্পানী লিমিটেডৰ অধীনৰ ।

এই সন্দৰ্ভত অসমৰ দুটাকৈ চাহ শ্ৰমিক সংগঠনৰ লগতে আন্তৰ্জাতিক খাদ্য আৰু কৃষি কৰ্মী সংঘ আৰু পশ্চিমবংগ খেট মজদুৰ সমিতিয়ে প্ৰথমে ২০০৬ চনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আবেদন দাখিল কৰিছিল । ২০১০ চনৰ আগষ্ট মাহত এই আবেদন নিষ্পত্তি কৰি শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰক ছয় মাহৰ ভিতৰত শ্ৰমিকসকলৰ প্ৰাপ্য ধন মোকলাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

২০১০ চনৰ এই নিৰ্দেশনাক পালন কৰি চৰকাৰে কাৰ্যকৰী নকৰাত ২০১২ চনত বৰ্তমানৰ বিচাৰাধীন আবেদনখন দাখিল কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ. এম. চাপ্ৰেৰ নেতৃত্বত পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়ে এখন এজনীয়া সমিতি গঠন কৰি দিছিল ।

Related Articles