আচৰিত! অসমৰ ১৪১টা পুলিচ ষ্টেচনত নাই টেলিফোন

ৰাজ্যসভাৰ গৃহ বিভাগৰ সংসদীয় কমিটিৰ প্ৰতিবেদনত শেহতীয়াকৈ উন্মোচিত হল অসম আৰক্ষী আধুনিকীকৰণৰ আচঁল স্বৰূপ। এই কমিটিৰ প্ৰতিবেদন অনুসৰি- অসমৰ ১৪১টা আৰক্ষী ষ্টেচনত নাই টেলিফোন কাকেনশ্যন। আৰু ৪টা ষ্টেচনত নাই আৰক্ষীৰ কোনো বাহন।

ইফালে অৰুণাচল প্ৰদেশৰো ৯১টা পুলিচ ষ্টেচনৰ ভিতৰত ৫৪টাত নাই টেলিফোন কাকেনশ্যন। ৪টা ষ্টেচনত নাই বাহন। ঠিক তেনেদৰে মেঘালয়ৰো ৭৪টা ষ্টেচনৰ ভিতৰত ৯টাত নাই ষ্টেচন আৰু ৬২টা ষ্টেচনত নাই টেলিফোন কানেকশ্যন।

এই প্ৰতিবেদনত পোহৰলৈ অহা তথ্য অনুসৰি দেশৰ মুঠ ১৬,৮৮৩টা ষ্টেচনৰ ভিতৰত ২৫৭টা ষ্টেচনত নাই গাড়ী। ইয়াৰ বিপৰীতে ৬৩৮টা ষ্টেচনত নাই টেলিফোন। দেশৰ ১৪৩টা ষ্টেচনত নাই ৱায়াৰলেছৰ ব্যৱস্থা।

Related Articles