Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আজি, কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ ?

আজি ২৯ মাৰ্চৰ দিনৰ ২:২০ বজাৰ পৰা বছৰৰ সূৰ্য গ্ৰহণ আৰম্ভ হ’ব। এই সূৰ্যগ্ৰহণ প্ৰায় ৪ ঘণ্টা ধৰি চলিব। ভাৰতত এই সূৰ্যগ্ৰহণ দেখা নাযায় যদিও ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব।(Surya Grahan 2025)

যেতিয়াই চন্দ্ৰ সূৰ্য্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়াই সূৰ্য্যৰ কোনো অংশ কিছু সময়ৰ বাবে চন্দ্ৰৰ পিছফালে আবৃত হৈ থাকে। ইয়াৰ কাৰণে পৃথিৱীৰ কিছু অংশৰ পৰা সূৰ্য্য দেখা নাযায়, ইয়াক সূৰ্যগ্ৰহণ বোলা হয়। হিন্দু ধৰ্ম আৰু জ্যোতিষত সূৰ্যগ্ৰহণক অত্যন্ত গুৰুত্ব দিয়া হয়। জ্যোতিষ বিজ্ঞানৰ হিচাপ অনুসৰি ২৯ মাৰ্চত সংঘটিত হোৱা সূৰ্যগ্ৰহণৰ ফলত মেষ ৰাশিৰ পৰা মীন ৰাশিত প্ৰভাৱ পৰিব-

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণক মেষ ৰাশিৰ লোকৰ বাবে শুভ বুলি কব নোৱাৰি। এই লোকসকলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰ্থিক লোকচান হ’ব পাৰে।

বৃষ ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাল হব। আপুনি আৰ্থিক লাভ পাব পাৰে। আবদ্ধ হৈ থকা ধন লাভ কৰিব। অৱশ্যে সম্পৰ্কত কিছু বিসঙ্গতি থাকিব পাৰে।

মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সূৰ্যগ্ৰহণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি অধিক কষ্ট কৰিব লাগিব কিন্তু কম ফলাফল পাব। যদি আদালতত কোনো গোচৰ আছে তেন্তে সাৱধান হওক।

এই সূৰ্যগ্ৰহণে কৰ্কট ৰাশিৰ লোকক উপকৃত কৰিব। এই মানুহবোৰ মানসিক চাপত থাকিব পাৰে। প্ৰতিটো বিষয়তে ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰাটো ভাল। প্ৰয়োজন হ’লে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক।

সূৰ্যগ্ৰহণ সিংহ ৰাশিৰ লোকৰ বাবে বাল বেয়া দুয়োটাই। কিছুমান মানুহে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কিন্তু কিছু লোকচানও হ’ব পাৰে। সম্পৰ্কত তিক্ততা থাকিব পাৰে।

তুলা ৰাশিৰ ব্যৱসায়ীসকলে লাভ পাব পাৰে। ব্যৱসায় বৃদ্ধি পাব। পুৰণি সমস্যাবোৰ নাইকিয়া হৈ যাব। অবিবাহিত মানুহে বিয়া পাতিব পাৰে।

যদি বৃশ্চিক ৰাশিৰ লোকে চিন্তাশীলভাৱে কাম কৰে তেন্তে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণে ভাল ফলাফল দিব পাৰে। ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। নতুন চাকৰিৰ অফাৰ পাব পাৰে।

সূৰ্যগ্ৰহণে ধনু ৰাশিৰ লোকক উপকৃত কৰিব পাৰে। কিছুমান মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। আবদ্ধ টকাখিনি পাব পাৰে।

মকৰ ৰাশি কেৱল সূৰ্যগ্ৰহণেই নহয় এই সমগ্ৰ সময় মকৰ ৰাশিৰ লোকৰ বাবে অতি বিশেষ। প্ৰতিটো ক্ষেত্ৰতে আপুনি উপকৃত হ’ব। শনিৰ সাধেসতী শেষ হোৱাৰ লগে লগে আপুনি সকাহ পাব। সম্পৰ্ক আৰু আৰ্থিক অৱস্থা অধিক মজবুত হ’ব।

কুম্ভ ৰাশি সূৰ্যগ্ৰহণে কুম্ভ ৰাশিৰ লোকক উপকৃত কৰিব। নিয়োজিত লোকে নতুন চাকৰি পাব পাৰে।

মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বছৰৰ প্ৰথম সূৰ্যগ্ৰহনে অশুভ ফল দিব পাৰে। এই সূৰ্যগ্ৰহণ মীন ৰাশিত হৈ আছে আৰু ইয়াত সূৰ্য্যও শনিৰ লগত সংযুক্ত হৈ আছে। কাকো বেছি বিশ্বাস নকৰিব। ক্ষতি হ’ব পাৰে।

Related Articles