Breaking

Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ

12

অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰিলে স্বচ্ছতাই সেৱা শীৰ্ষক পষেকীয়া অভিযান(Swachhata Hi Seva campaign) । জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ দিনাখন অন্ত পৰিব।

দৈনন্দিন বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ সমগ্ৰ দেশতে আৰম্ভ হৈছে স্বচ্ছতাই সেৱা অভিযান ২০২৪(Swacchata hi seva campaign 2024) । অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে(Assam Minister Ashok Singhal) অসমত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ পষেকীয়া অভিযান। এই কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাত উল্লেখযোগ্য বাগিচা অভিযান, স্বচ্ছতাৰ প্ৰতিশ্ৰুতি আৰু ৰেলীকে ধৰি বিভিন্ন ধৰণৰ পৰিস্কাৰ-পৰিচ্ছন্নতামূলক কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে।

এই অভিযানৰ কাৰ্যসূচীত ৰাজ্যজুৰি মুঠ ১২০টা কাৰ্য্যকলাপ পঞ্জীয়ন কৰা হৈছে, য’ত ১১৫টা পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য ইউনিট (Cleanliness Target Units) জড়িত হৈ আছে। এই পদক্ষেপে আবৰ্জনাৰ ৰূপান্তৰৰ পদক্ষেপত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও “এক পেড় মা কে নাম” অভিযানৰ(Ek Ped Maa Ke Naam) অংশ হিচাপে প্ৰায় ৩৫০০ টা গছপুলি ৰোপণ কৰা হৈছে । এই বৃক্ষৰোপণৰ জৰিয়তে প্ৰতিকী ৰূপত মাতৃসমাজক সন্মান জনোৱা হৈছে।

ৰাজ্যত স্বচ্ছতাই সেৱা শীৰ্ষক এই পষেকীয়া অভিযান উন্মোচনৰ পিছতে জনস্বাস্থ্য কাৰিকৰী বিভাগ (পি এইচ ই ডি), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (পি এণ্ড আৰ ডি) আৰু এছ বি এম-নগৰীয়া বিষয়াসকলৰ সহযোগত অসমৰ ৩৫খন জিলাতে জিলা পৰ্যায়ৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই অভিযানৰ সকলো কাৰ্য্সূচীত জনসাধাৰণৰ অংশগ্ৰহণ উল্লেখযোগ্য আছিল । বহু লোকে জিলা কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত গছপুলি ৰোপণৰ লগতে গ্ৰহণ কৰিলে স্বচ্ছতাৰ প্ৰতিজ্ঞা ।

কোকৰাঝাৰ জিলাতো স্থানীয় ৰাইজে দৈনন্দিন জীৱনত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘স্বচ্ছতা ৰেলী’ৰ(Swachhata Rally) আয়োজন কৰে।

জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ(Swachh Bharat Diwas) দিনাখন অন্ত পৰিব।

উল্লেখ্য যে, সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত ৩টা মুখ্য দিশক সামৰি চলিত বৰ্ষত এই অভিযান আয়োজন কৰা হৈছে। এই দিশসমূহ হৈছে – স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কাৰ্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু চাফাই মিত্ৰ সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিকসকলকে ধৰি বিভিন্ন উদ্যোগীক প্রতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোট, পঞ্চায়তকে ধৰি বিভিন্ন গোটে অংশগ্রহণ কৰিব।

Comments are closed.