Breaking

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্হান দখলৰে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ৰামানুজনৰ শ্ৰদ্ধা বৰগোহাঁয়ে ।

0 1,187

নগাঁও : কঠোৰ পৰিশ্ৰম, কতৰ্ব্যনিষ্ঠা আৰু সততাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে এশ শতাংশই যে সফলতা লাভ কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ কামপুৰৰ শ্ৰদ্ধা বৰগোঁহাইয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত কলা শাখাত প্ৰথম স্হান দখল কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে  নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰদ্ধা বৰগোঁহায়ে। নগাঁও জিলাৰ কামপুৰৰ ক্ষূদ্ৰ ব্যৱসায়ী মঞ্জিল বৰগোঁহাই আৰু পমী ৰাজখোৱাৰ জ্যেষ্ঠ কন্যা শ্ৰদ্ধাই ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, তৰ্ক শাস্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞানত লেটাৰ সহ মুঠ ৪৮১ নম্বৰ লাভ কৰিছে। শ্ৰদ্ধাই ৯৬. ২ শতাংশ নম্বৰ লাভ কৰিছে। নিজৰ সাফল্যত অতি সুখী ছাত্ৰীগৰাকী ভাল ফলাফল পাব বুলি আত্মবিশ্বাসী আছিল। প্ৰথম দহটা স্হানত নিজৰ নাম থকাটোত তেওঁ নিশ্চিত আছিল যদিও প্ৰথম স্হান লাভ কৰিব বুলি ভবা নাছিল। দৈনিক কোনো ঘন্টাৰ হিচাপত তেওঁ পঢ়া নাছিল আৰু যেতিয়াই পঢ়িছিল মন দি জ্ঞান আৰ্জনৰ বাবে পঢ়িছিল। অধ্যয়ণৰ সমান্তৰালকৈ সংগীত চৰ্চা কৰা শ্ৰদ্ধাই ‘ভয়চ ইণ্ডিযা কিডচ্’ প্ৰতিযোগিতাত শীৰ্ষ আশীজনৰ ভিতৰত স্হান লাভৰ লগতে ‘চা ৰে গা মা পা ‘ ত শীৰ্ষ ষাঠীগৰাকী প্ৰতিযোগীৰ ভিতৰত স্হান লাভ কৰিছিল। তেওঁৰ প্ৰিয় শিল্পীৰ ভিতৰত আছে লতা মঙ্গেশকাৰ, কিশোৰ কুমাৰ, জ্যোতি প্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা জুবিন গাৰ্গ, চনু নিগম আদি। আজৰি পৰত উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰীগৰাকীয়ে ৰীতা চৌধুৰী  আৰু অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস পঢ়ি ভাল পায়। সফলতাৰ বাবে শ্ৰদ্ধাই ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰা, শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃক কৃতজ্ঞতা জনায়। সমাজৰ হিতৰ হকে কাম কৰা উদ্দেশ্যে মনত পুহি ৰখা শ্ৰদ্ধাৰ ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য। শ্ৰদ্ধাই ৰাজনীতি বিজ্ঞান বা সমাজ বিজ্ঞানত মেজৰ লৈ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব। অনুজ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শ্ৰদ্ধাৰ আহবান- কৰ্তব্যত ত্ৰুটী নকৰি সততাৰে যদি পৰিশ্ৰম কৰি জীৱনৰ পথত আগবাঢ়া ভগৱানে ফল দিবই। শ্ৰদ্ধাৰ এই ফলাফলক লৈ শ্ৰদ্ধাৰ বাসগৃহ কামপুৰতো আজি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। শ্ৰদ্ধাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ছোৱালীয়ে ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী আছিল যদিও  ৰাজ্যৰ ভিতৰত প্ৰথম স্হান দখল কৰিব বুলি আশা কৰা নাছিল। পঢ়া, শুনাকে ধৰি সকলো ক্ষেত্ৰত থকা একাগ্ৰতাৰ বাবেই আজি শ্ৰদ্ধাই এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় বুলি তেওঁৰ পিতৃ-মাতৃয়ে উল্লেখ কৰে।

সমাজৰ হিতৰ হকে কাম কৰা উদ্দেশ্যে মনত পুহি ৰখা শ্ৰদ্ধাৰ প্ৰশাসনিক বিষয়া হোৱাৰ মন ।
Leave A Reply

Your email address will not be published.