Breaking

গিলি পেলালে লুটি লোৱা সোণৰ চেইন! চোৰটোক লৈ চিন্তিত চিকিৎসক

0 89

যুৱকজনে ভুলবশতঃ গিলি পেলালে লুটি লোৱা সোণৰ চেইন! পুলিচে খেদি যোৱাত খৰধৰকৈ চেইনডাল মুখত ভৰাই দিলে। সেইটোৱেই সমস্যাৰ সৃষ্টি কৰে। চেইনডাল শৰীৰৰ ভিতৰত এনেদৰে আবদ্ধ হৈ থাকে যে ডাক্তৰেও ইয়াক আঁতৰাবলৈ চিন্তা কৰিব লগা হয়।

ঝাৰখণ্ডৰ ৰাঞ্চিত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি ছলমান আৰু জাফৰ নামৰ দুই ডকাইতে এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন চুৰি কৰি লৈ যায়। দুয়োজনেই মটৰচাইকেলত উঠি আহিছিল আৰু চেইন লুটি নিয়াৰ পিছত তাৰ পৰা পলায়ন কৰে।

কিন্তু কিছু দূৰ যোৱাৰ পাছত দুস্কৃতিকাৰীয়ে দেখিলে যে আৰক্ষীয়ে তেওঁলোকক খেদি ফুৰিছে। প্ৰায় এক কিলোমিটাৰ খেদি যোৱাৰ পিছত আৰক্ষীয়ে তেওঁলোকক ধৰিলে। পলায়ন কৰিবলৈ গৈ সোণৰ চেইনডাল গিলি পেলালে ছলমানে।

আৰক্ষীয়ে যুৱকজনৰ বুকু আৰু পেটৰ এক্স-ৰেৰ ব্যৱস্থা কৰে। দেখা যায় যে তেওঁৰ বুকুৰ এফালে চেইনডাল আবদ্ধ হৈ আছে। ফলত কিছু সময়ৰ পাছত যুৱকজনৰ বুকুৰ বিষ হ’বলৈ ধৰিলে।

যুৱকজনক শিকলি বান্ধি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ডাক্তৰে সকলো সময়তে তেওঁৰ ওপৰত চকু ৰাখিছে। যুৱকজনৰ বুকুৰ পৰা অস্ত্ৰোপচাৰ কৰি সোণৰ চেইনডাল আঁতৰাই দিব লাগে বুলি কয়। চিকিৎসালয়খনত আৰক্ষীৰ চকীদাৰ আছে।

Leave A Reply

Your email address will not be published.